গুৱাহাটী, ১৪ অক্টোবৰঃ সামাজিক সাংস্কৃতিক আৰু ক্ৰীড়া অনুষ্ঠান নৱযুগ সংঘই আগন্তুক কালীপূজাৰ লগত সংগতি ৰাখি ২০ অক্টোবৰত অসম ভিত্তিক প্ৰাইজমাণি ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰিছে৷ নৱযুগ সংঘৰ সভাপতি সুশান্ত ৰয়ে জানিবলৈ দিয়া মতে, ২০ অক্টোবৰত কালী পূজাৰ নিশা ৬বজাৰ পৰা পানবজাৰ অসম ৰেলৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত ১৪ বছৰ উৰ্দ্ধৰ ল’ৰা ছোৱালীৰ মাজত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব৷ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বিজয়ী প্ৰতিযোগিক বঁটাসহ নগদ তিনি হাজাৰ টকা, দ্বিতীয় বিজয়ীক দুহাজাৰ টকা আৰু তৃতীয় বিজয়ীক এহাজাৰ টকা পুৰস্কাৰ প্ৰদান কৰা হ’ব৷ প্ৰতিযোগিতাত যোগদান কৰিব বিচৰা আগ্ৰহী প্ৰতিযোগিয়ে ৯৯১১০ ৭৩৪১৮ নম্বৰত যোগাযোগ কৰিব পাৰিব৷ প্ৰতিযোগিতাখন উদ্ধোধন কৰিব বিশিষ্ট সংগীত শিল্পী মনীষা হাজৰিকাই৷