গুৱাহাটী, ১৫ অক্টোবৰঃ অনলাইন প’ৰ্টেল 3Hcare.inৰ জড়িয়তে এতিয়াৰে পৰা দেশৰ সর্বোত্তম চিকিৎসালয়ত ছাৰ্জাৰীৰ পৰিকল্পনা কৰিব পাৰিব। উল্লেখ্য যে, 3Hcare.in অনলাইন প’ৰ্টেলটােৱে এই পর্যন্ত ৰােগ নিৰূপণৰ ক্ষেত্ৰত অনুৰূপ সুবিধা প্ৰদান কৰি আহিছে আৰু বৰ্তমান অনলাইনযোগে জনসাধাৰণক ছাৰ্জাৰীৰ সুবিধা প্ৰদান কৰিছে। 3Hcare.inৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া চি এ ড০ ৰুচী গুপ্তই এই সন্দৰ্ভত কয় যে, ৱেবছাইটটােত উপলব্ধ বিনামূলীয়া কোটেশ্যনৰ সুবিধাৰে এজন ৰােগীয়ে সর্বোত্তম হাস্পতালবােৰৰ পৰা এখন নির্বাচন কৰিব পাৰে। দিল্লী আৰু ৰাষ্ট্রীয় ৰাজধানী অঞ্চলৰ প্ৰায় আটাইবোৰ প্ৰতিষ্ঠিত আৰু বিখ্যাত হাস্পতালক সামৰি লৈ আমি  জনতাৰ সুবিধাৰ বাবে নতুন দিগন্তৰ উন্মোচন কৰিছো। এতিয়া ৰােগীসকলে ছাৰ্জাৰীৰ ক্ষেত্ৰত হাস্পিতালৰ তাৰিখৰ বাবে অপেক্ষা কৰিব নালাগে তথা ব্যয়ৰ তুলনা বা উপলব্ধতাৰ বাবে বিভিন্ন হাস্পাতাল ভ্ৰমণৰাে প্রয়োজন নাই। কোটেশ্যনৰ তুলনাই ৰােগীসকলক বিত্তীয় সুবিধাও প্ৰদান কৰে। কোনাে এটা ছাৰ্জাৰী পৰিকল্পনা কৰাৰ পূর্বে ৰােগী এজনক প্রয়ােজনীয় আটাইবােৰ তথ্য এই ৱেবছাইটটােত সামৰি লোৱা হৈছে। উপলব্ধ শেহতীয়া প্ৰযুক্তিগত শুশ্ৰষাৰ লগতে মিতব্যয়ী আৰু দিনটােৰ ভিতৰতে কৰিব পৰা ব্যৱস্থাৰ বিষয়ে ইয়াত তথ্য উপলব্ধ। 3Hcare.in প’ৰ্টেলটোত আটাইবোৰ বিশেষত্বৰ উপলব্ধতাৰ সমান্তৰালভাৱে সর্বোত্তম হাস্পতালৰ তথ্য পোৱা যায় ৰেহাই মূল্যত। বিশেষকৈ, অংক’লজীকেল চাইবাৰ নাইফ থেৰাপী, উীপ ব্রেইন ষ্টিমুলেচন, ফাটিলিটি ট্রিটমেন্ট, ৰিপ্লেচমেণ্ট আৰু অঙ্গ সংস্থাপনৰ ছাৰ্জাৰীৰ সুবিধা ভাৰতৰ মাত্ৰ কেইখনমান হাস্পিতালতহে আছে। ৰােগীৰ সুবিধাৰ বাবে প’ৰ্টেলটােত আটাইবােৰ তথ্য সংলগ্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। আমি প্ৰদান কৰা আটাইতকৈ গুৰুত্বপূর্ণ সুবিধাবােৰৰ ভিতৰত আছে বিভিন্ন হস্পিতালৰ মাজৰ তুলনা, যিয়ে এজন ৰােগীৰ বাবে সর্বোত্তম হাস্পাতালখন নিৰ্বাচন কৰাৰ বাবে সুবিধা প্ৰদান কৰে। আমাৰ সৈতে জড়িত আটাইবােৰ হাস্পতালে এন এ বি এইছ বা জেচিআই বা উভয়ৰে দ্বাৰা স্বীকৃতিপ্ৰাপ্ত। অনলাইন উপলব্ধ তথ্যৰ দ্বাৰা ভাৰতৰ লগতে আন্তর্জাতিক পর্যায়টাে ৰােগীসকলে ভাল আৰু কম ব্যয়ত চিকিৎসাৰ বিকল্প নিৰূপণত সুযোগ লাভ কৰিছে। ধন পৰিশোধৰ বিকল্প অনলাইন যোগে কৰাৰ বাবে 3Hcare.in অনলাইন প’ৰ্টেলটাে ৰােগীৰ বাবে সুবিধাজনক আৰু পৰােক্ষভাৱে চিকিৎসা পর্যটনকো নতুন মাত্ৰা প্ৰদান কৰিছে।