গুৱাহাটী, ১৫ অক্টোবৰঃ অসমৰ সাংবাদিকৰ বিৰুদ্ধে এগৰাকী তথাকথিত অভিনেতাই কৰা মন্তব্যৰ বিৰুদ্ধে কঠোৰ ভাষাৰে সমালোচনা কৰিছে সাংবাদিক সুৰক্ষা মঞ্চই। ছচিয়েল মিডিয়াত ভাইৰেল হােৱা এটা অডিঅ’ ৰেকৰ্ডিঙত জেফি বক্সি ওৰফে জেফি মহম্মদ গুলামুদ্দিন আহমেদ নামৰ তথাকথিত অভিনেতা গৰাকীয়ে সাংবাদিকসকলক ‘মুৰ্খ’ আখ্যা দিয়া কার্যক তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে সংগঠনটােৱে। নিজৰ অভিনয়ৰ কেৰিয়াৰক জনপ্রিয় কৰিবলৈ গৈ সাংবাদিকৰ বিৰুদ্ধে আক্রমণাত্মক হৈ জেফ্ৰিয়ে সাংবাদিকে নিজৰ টকাৰে টিকট কাটি চিনেমা নাচায় বুলি সমালোচনা কৰি  সাংবাদিকক প্রত্যক্ষভাৱে হতাহতিলৈ প্রত্যাহ্বান জনোৱাত উভতি ধৰে সাংবাদিক সংগঠনটোৱে। তথাকথিত অভিনেতাগৰাকীৰ এনে মন্তব্যত নিজৰ প্রতিক্রিয়া ব্যক্ত কৰি কয় যে, পৃথিৱীৰ ভিতৰত নাম থকা অসমৰ ভ্ৰাম্যমাণ উদ্যোগটােত ব্যক্তিগত স্বার্থসিদ্ধিৰ বাবে শেহতীয়াকৈ কাজিৰঙাত চােৰাং চিকাৰী সোমোৱাৰ দৰে একাংশ গুণ্ডা, জলদস্যুৱে দাদাগিৰি কৰি উদ্যোগটােৰ সোণালী অতীতত চেকা পেলাইছে। তথাকথিত অভিনেতা জেফি বক্সি ওৰফে জেফি মহম্মদ গুলামুদ্দিন আহমেদ আৰু অজয় ফুকনৰ দৰে শিল্পীয়ে বিভিন্ন সময়ত সাংবাদিকক আক্রমণ কৰি অহা তথা প্ৰৰােচিত কৰা মন্তব্যই ৰাজ্যৰ প্ৰতিগৰাকী সাংবাদিকৰ অন্তৰত আঘাত হানিছে। জেফি বক্সিৰ দৰে তথাকথিত অভিনেতাই সাংবাদিক আৰু শিল্পীৰ মাজত সংঘর্ষ সৃষ্টি কৰিব বিচৰা মন্তব্যই সাধাৰণতে শিল্পীৰ প্ৰতি ৰাইজৰ আস্থা লাঘৱহে কৰিছে। জেফি বক্সি বা অজয় ফুকনৰ দৰে শিল্পী ভ্ৰাম্যমাণ থিয়েটাৰ উদ্যোগটােৰ সৈতে জড়িত থাকিলে অনাগত সময়ত ভ্ৰাম্যমাণ থিয়েটাৰৰ মান লাঘৱ হ’ব। শেহতীয়াকৈ সাংবাদিকক কৰা তীর্যক মন্তব্যই তাৰেই ঈংগিত বহন কৰিছে। সাংবাদিক সুৰক্ষা মঞ্চই ভ্ৰাম্যমাণ থিয়েটাৰৰ প্রযোজকসকলক জেফি বক্সি, অজয় ফুকনৰ দৰে সাংবাদিকক আক্রমণ কৰা সহযোগীসকলক অনির্দিষ্ট কাললৈ ভ্ৰাম্যমাণ ক্ষেত্ৰৰ পৰা বয়কট কৰাৰ আহ্বান জনায়। লগতে অসমৰ সকলো সংবাদ মাধ্যমকো সাংবাদিকক আক্রমণ কৰা এনে ব্যক্তিক বয়কট কৰি তেওঁলোকৰ বাতৰি সম্প্রচাৰ নকৰিবলৈও আহ্বান জনায়।