যোৰহাট, ১৬ অক্টোবৰঃ অসমৰ ভূমি নাগালিমত অন্তৰ্ভূক্ত কৰাৰ তীব্ৰ বিৰোধিতা কৰি যোৰহাটত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য যে, ২০১৫ চনৰ ৩ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এনএচচিএন (আই এম)ৰ ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট স্বাক্ষৰ হৈছিল আৰু এগ্ৰিমেন্ট এতিয়ালৈকেও ৰাজহুৱা কৰা হোৱা নাই৷ জানিব পৰা মতে, এনএছচিএন (আই এম)ৰ সৈতে ভাৰত চৰকাৰে স্বাক্ষৰিত কৰা ফ্ৰেমৱৰ্ক এগ্ৰিমেন্টত অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, নগাওঁ ডিমা হাচাওকে ধৰি ১০খন জিলাৰ প্ৰায় ৬৬ হেক্টৰ ভূমিৰ লগতে অৰুণাচল প্ৰদেশ আৰু মণিপুৰৰো প্ৰায় ১ লাখ ৩০ হাজাৰ বৰ্গ কিলোমিটাৰ ভূমি নাগালিমত অন্তৰ্ভূক্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট কাৰ্যকৰী কৰাৰ পূৰ্বে সকলো সিদ্ধান্ত ৰাজহুৱা কৰা, ফ্ৰেমৱৰ্ক এগ্ৰিমেন্টৰ সবিশেষ অসমবাসীক অৱগত কৰা আৰু সমগ্ৰ বিষয়টো আলোচনা কৰাৰ কাৰণে অসম বিধানসভাত বিশেষ অধিবেশন আহ্বান কৰাৰ তিনিটা দফীয়া দাবীত আজি ৰাজ্যজুৰি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰীসকলে চৰকাৰক শীঘ্ৰে চুক্তিখন ৰাজহুৱা কৰাৰ দাবী জনায়৷