গুৱাহাটী, সংবাদ ৩৬৫, ২৭ ফেব্ৰুৱাৰী : বুধবাৰে অসম অনুসূচীত জাতি যুৱ ছাত্ৰ সন্থাই গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেলৰ আয়োজন কৰে। সাধাৰণ শ্ৰেণীৰ সংৰক্ষণ আৰু অনুসূচীত জাতিৰ সংৰক্ষিত পদত চাকৰি কৰা বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংবাদমেলখনৰ আয়োজন কৰে।

সংবাদমেলত অনুসূচীত যুৱ ছাত্ৰ সন্থাই কয় যে অসমত বসবাস কৰা প্ৰায় পঞ্চাশ লাখ অনুসূচীত জাতিৰ লোক দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰি আছে। সত্তৰ বছৰ ধৰি এই সকলো লোকৰ কোনো সামাজিক ,অৰ্থনৈতিক, শৈক্ষিক উন্নতি দেখা নগল। বৰ্তমান বিজেপি চৰকাৰখনেও এইসকল লোকৰ সংৰক্ষণৰ যি ব্যৱস্থা আছিল সেই ব্যৱস্থা নোহোৱা কৰাৰ পৰিকল্পনা কৰিছে।

তেওঁলোকে আৰু কয় যে সংবিধানত সংৰক্ষণ ৰ ব্যৱস্থা সামাজিক ভাৱে পিছপৰা লোকসকলৰ বাবেহে আছিল। কিন্তু বিজেপি চৰকাৰে অৰ্থনৈতিক ভাৱে পিছপৰা লোকক সংৰক্ষণ দিব বিচাৰি ভাৰতীয় সংবিধান খনকে অৱমাননা কৰিছে।আনহাতে অনুসূচীত জাতিৰ বেকলগৰ পদসমূহো আজিলৈকে পূৰণ কৰিব পৰা নাই।

উল্লেখযোগ্য যে জাতিগত প্ৰমাণ পত্ৰৰ জালিয়াতি আৰু সংৰক্ষিত পদত যিসকল অনা-অনুসূচীত জাতিৰ লোকে অধিগ্ৰহণ কৰি আছে ইয়াৰ ওপৰত অসম অনুসূচীত জাতি যুৱ-ছাত্ৰ সন্থাই গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত মোকৰ্দমা কৰিছিল। উচ্চ ন্যায়ালয়ে অসম চৰকাৰৰ পৰা কৈফিয়ত তলব কৰাত অনুসূচীত জাতি কল্যাণ সঞ্চালকালয়ে আৰু জাতিগত প্ৰমাণ পত্ৰ পুনৰীক্ষণ কমিটিয়ে বৰ্তমানলৈকে তদাৰকী শাখা গঠন কৰা নাই । তেওঁলোকে সংবাদমেলত কয় যে উপৰোক্ত বিষয়ৰ ওপৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে অতি সোনকালেই তীব্ৰ আন্দোলনৰ কাৰ্য্যসূচী ৰূপায়ন কৰিব।