গুৱাহাটী, সংবাদ ৩৬৫, ২৭ ফেব্ৰুৱাৰী: অভিযন্তা গৰাকীৰ ঘৰ তিনিচুকীয়া জিলাৰ ডিগবৈত। নাম শ্যাম সুন্দৰ গুপ্তা। অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা চিভিল ইঞ্জিনীয়াৰিং বিভাগত উক্ত যুৱকজনে ২০১৮ চনত বি এ ডিগ্ৰী লাভ কৰে। এইজন যুৱকেই ভুল চিকিৎসাৰ বলি হ’ল এগৰাকী চিকিৎসক অধ্যাপকৰ দ্বাৰা। মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেলৰ আয়োজন কৰি সমগ্ৰ ঘটনা সংবাদ মাধ্যমৰ আগত দাঙি ধৰে।

২০১৫ চনতে উক্ত যুৱকজনৰ নাকত হৈছিল এটা সৰু ইনফেকচন। যিটোৰ কাৰণে যুৱকজনে উপযুক্ত পৰামৰ্শ বিচাৰি চিকিৎসকৰ কাষ চাপিছিল।অসম মেডিকেল কলেজৰ চিকিৎসক অধ্যাপক ডঃ পাৰ্থ প্ৰতিম দত্তৰ ওচৰত কাষ চপাত চিকিৎসকজনে এটা আই এন জে চেট্ৰল(inj. SETROL,1 ampoule 2ml of 3%STS) বেজী দিয়ে। বেজী দিয়াৰ পাছতেই নাকটোৰ জলন হয় আৰু চিৰদিনৰ বাবে নাকটোৰ লগতে মুখখনৰো ক্ষতি হয়।

ইয়াৰ পাছতে যুৱকজনে কাষ চাপে চেন্নাইৰ এপ’ল’ হস্পিতালত। নাকটোৰ বাবে ৫ তা ন’জ ৰিকনষ্ট্ৰাক্টিভ চাৰ্জাৰী কৰিব লগা হয় এপ’ল’ হাস্পতালত। ইয়াৰ বাবে বহুত শাৰীৰিক আৰু মানসিক যন্ত্ৰনাও ভুগিব লগা হয় যুৱকজনে। যথেষ্ট অৰ্থৰ লগতে এটা শৈক্ষিক বছৰো হেৰুৱাব লগা হয় ভুক্তভুগি যুৱকজনে।

ভুল চিকিৎসাৰ সমগ্ৰ ঘটনাটো মেডিকেল কাউঞ্চিল অফ ইণ্ডিয়া ক জনোৱাৰ পাছত তেওঁলোকে যুৱকজনৰ অভিযোগ গ্ৰহণ কৰি ছমাহৰ ভিতৰত বিহীত ব্যৱস্থাৰ বাবে গুৱাহাটীৰ খানাপাৰা স্থিত আছাম মেডিকেল কাউঞ্চিলৰ পঞ্জীয়কক দায়িত্ব দিয়ে। কিন্তু যোৱা তিনিটা বছৰে এই বিষয়তোৰ সন্দৰ্ভত তেওঁলোকে একো ব্যৱস্থা নল’লে। পাছত পুনৰ এই বিষয়তো তেওঁ মেডিকেল কাউঞ্চিল অফ ইণ্ডিয়া, দিল্লীক জনায় আৰু ভুল চিকিৎসাৰ বলি হোৱা ঘটনাটোৰ অনুসন্ধান কৰিবলৈ অনুৰোধ কৰে।

আনহাতে আচ্ছাম ষ্টেট কনজিউমাৰ ডিছপিউৎ ৰেড্ৰেচেল কমিচন ত সমগ্ৰ চিকিৎসাৰ ক্ষতিপূৰণৰ বাবে গোচৰ ৰুজু কৰে যদিও উক্ত গোচৰো ৰৈ আছে বুলি যুৱকজনে সংবাদ মাদ্যমৰ আগত জানিবলৈ দিয়ে।

সংবাদমেলত ভুক্ত ভুগি যুৱকজনে কয় যে সংবাদ মাধ্যমৰ যোগেদি বিষয়টো যাতে চৰকাৰৰ দৃষ্টি গোচৰ হয় আৰু উচিত তদন্তেৰে যাতে প্ৰকৃত দোষীয়ে শাস্তি পায়।