ডিগবৈ, সংবাদ ৩৬৫, ২৪ মাৰ্চ: যোৱা ৭ মাৰ্চ তাৰিখৰ পৰা ২৪ মাৰ্চ তাৰিখলৈকে ডিগবৈৰ টিংৰাই ৰাজহুৱা খেল পথাৰত অনুষ্ঠিত হয় আন্ত পঞ্চায়ত বিধায়ক কাপ ক্ৰিয়া প্ৰতিযোগিতাৰ। দেওবাৰে অৰ্থাৎ ২৪ মাৰ্চ তাৰিখে সামৰণি পৰে এই প্ৰতিযোগিতাখনিৰ।

উক্ত ক্ৰিয়া প্ৰতিযোগিতাখনিত ডিগবৈ সমষ্টিৰ প্ৰতিটো পৰ্যায়ৰ খেলুৱৈ সকলে অংশ গ্ৰহণ কৰে। দেওবাৰৰ টিংৰাই খেলপথাৰত বঁটা বিতৰণি অনুষ্ঠানত স্থানীয় বিধায়ক সুৰেন ফুকনৰ লগতে জিলা পৰ্যায়ৰ (বি জে পি) বহুকেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে।