গুৱাহাটী, সংবাদ ৩৬৫, ২৯ মাৰ্চ: ৰাজ্যত সংঘটিত হোৱা ধৰ্ষণ তথা অন্যান্য অপৰাধৰ লগত জৰিত অপৰাধী সকলৰ একমাত্ৰ ধৰ্ম হৈছে অপৰাধ৷ অপৰাধীৰ নাথাকে কোনো জাতি–ধৰ্ম৷ গুৱাহাটীৰ প্ৰেছ ক্লাৱত বৃহস্পতিবাৰে এক সংবাদ মেল আয়োজন কৰি জামাত-ই-ইছলামী-হিন্দ উত্তৰ-পূৱ মণ্ডলৰ ভাৰপ্ৰাপ্ত সভাপতি আব্দুল বাছিতে ৰাজ্যত সংঘটিত হৈ থকা ধৰ্ষণ তথা অন্যান্য অপৰাধৰ লগত জৰিত অপৰাধী সকলক ধৰ্মৰ ভিত্তিত চিনাক্ত কৰি জনপ্ৰতিনিধিয়ে কৰা মন্তব্যত গৰিহনা প্ৰকাশ কৰিছে৷ বটদ্ৰৱাত ১৩ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি গাত কেৰাচিন তেল ধালি জলাই হত্যা কৰাৰ ঘটনাই সমগ্ৰ ৰাজ্যতে খলকনিৰ সৃষ্টি কৰাৰ সময়তে জনপ্ৰতিনিধিয়ে অপৰাধীক ধৰ্মৰ ভিত্তিত চিনাক্ত কৰি এক বিতৰ্কৰ সৃষ্টি কৰিছে৷ একাংশ জনপ্ৰতিনিধিয়ে বিতৰ্কৰ সৃষ্টি কৰাতকৈ অপৰাধমূলক ঘটনা কেনেকৈ ৰোধ কৰিব পাৰি ইয়াৰ প্ৰতি লক্ষ্য ৰখাটো দৰকাৰ বুলি কয় আব্দুল বাছিতে৷ ধৰ্ষণ কাণ্ডৰ লগত জড়িত অপৰাধীসকলক দৃষ্টান্তমূলক শাস্তি বিহিব লাগে বুলি দাবী জনায়৷  মুখ্যমন্ত্ৰীয়ে নাৰীজনিত অপৰাধৰ গোচৰ সমূহ সম্পন্ন কৰাৰ উদ্দেশ্যে ’ফাষ্টট্ৰেক আদালত’ গঠনৰ যি পোষকতা কৰিছে সেয়া যেন সোনকালে কাৰ্যকৰী হয়৷ অপৰাধমূলক কাম সংঘটিত কৰা কাৰণ সমূহ চিনাক্ত কৰি সেইবোৰৰ ওপৰত নিষেধাড্া জাৰি কৰিব লাগে৷ আজিৰ সমাজত মদ, জুৱা, অশালীন ছবি মুক্ত হৈ পৰিছে৷ ইন্টাৰনেটত অশ্লীল দৃশ্য সুলভ হৈ পৰিছে৷ মদ পান কৰি একাংশ অপৰাধমূলক ঘটনাও সংঘটিত হৈছে৷ কোনো পুত্ৰই মদ পান কৰি নিজৰ জন্মদাতা পিতৃ-মাতৃক জ্বলাই হত্যা, প্ৰহাৰৰ নিচিনা ভয়াবহ কাণ্ড সংঘটিত কৰিছে৷ মুঠৰ ওপৰত বহু অমানবীয় অপৰাধ সুৰাৰ ৰাগীত সংঘটিত হয়৷ আব্দুল বাছিতে দাবী জনায় যে সুৰাৰ ব্যৱসায় বন্ধ কৰি জঘন্য অপৰাধ ৰোধ কৰিব লাগে৷