নগাঁৱৰ পৰা পিংকি শইকীয়া, সংবাদ ৩৬৫, ২৯ মাৰ্চ: এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনাই ৰাজ্যত খলকনি সৃষ্টি কৰি থকা সময়তে হোজাই জিলাৰ লংকাত পুনৰ সংঘটিত হৈছে নাৰী নিৰ্যাতনৰ অন্য এক ঘটনা। লংকাত এজন তান্ত্ৰীকৰূপী শিক্ষকৰ কামনাৰ বলি হল এগৰাকী ছাত্ৰী। লংকাৰ জুথাংবস্তি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ইয়ুচুফ আলী নামৰ এইগৰাকী ভণ্ড তান্ত্ৰিকৰ কামনাৰ বলি হব লগিয়া হৈছে গুৱাহাটী মালিগাঁওৰ এগৰাকী যুৱতী। কেইদিনমান পূৰ্বে নিজৰ ভগ্নীৰ চিকিৎসাৰ বাবে এইগৰাকী শিক্ষক তথা ভণ্ড তান্ত্ৰিকৰ কাষ চাপিছিল যুৱতী গৰাকীৰ পৰিয়াল। নিশা ভগ্নীৰ চিকিৎসাৰ নামত যুৱতী গৰাকীক যৌন নিৰ্যাতন চলাই লম্পট শিক্ষক ইয়ুচুফ আলীয়ে। নিৰ্যাতনৰ বলি হোৱা যুৱতী গৰাকীয়ে পৰিয়ালৰ লোকৰ লগত তান্ত্ৰিক ৰূপী শিক্ষক জনৰ ওপৰত উদালি আৰক্ষী পহৰা চকীত ১৬ মাৰ্চ তাৰিখে এক গোচৰ ৰুজু কৰে যদিও পলাতক হৈ থকাৰ বাবে আৰক্ষীয়ে এই পৰ্যন্ত লম্পট শিক্ষক জনক আটক কৰিব সক্ষম হোৱা নাই। শিক্ষকৰ দৰে মহান পেছাত নিয়োজিত লোকৰ দ্বাৰা সংঘটিত এনে জঘন্য ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত।