গুৱাহাটী, সংবাদ ৩৬৫, ১৭ এপ্ৰিল : ১৬ এপ্ৰিলৰ বিহুৰ দিনা শিলচৰত বিজেপিৰ নেতা ৰাম মাধৱে ৩১ জুলাইৰ পাছত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰা হব বুলি কোৱাৰ পাছত উক্ত বিষয়টোৰ সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে বুধবাৰে এখন সংবাদমেলৰ আয়োজন কৰে।

সংবাদমেলত গগৈয়ে কয় যে বিজেপিৰ কেন্দ্ৰীয় ইস্তাহাৰটো স্পষ্টভাৱে ঘোষণা কৰিছে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ বদ্ধপৰিকৰ। নাগৰিকত্ব সংশোধনী বিধেয়কক নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰূপে ঘোষণা কৰিছে । পৃথিৱীৰ কটোৱেই বিদেশী অনাৰ বাবে কোনো আইন নাই। এই ঘটনা সমগ্ৰ অসমীয়াৰ বাবে ভয়ংকৰ। বিপদৰ আগজাননী।

আজমল, জিন্না, কাশ্মীৰ এই কেইটামান শব্দৰ মায়াজালেৰে সমগ্ৰ অসমীয়া জাতিৰ এটা বৃহৎ অংশ বশ কৰি পেলাইছে , জাতিৰ বিৰুদ্ধে থিয় কৰাই দিছে বিজিপিয়ে। যিটো সময়ত সম্পূৰ্ণৰূপে বিজেপিক খেদিব লাগিছিল সেইটো সময়ত আত্মঘাটি অসমীয়াই বিজেপিৰ ফান্দত ভৰি দিছে।

গগৈয়ে আৰু কয় ” ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ নিচিনা সাম্প্ৰদায়িক ভিত্তিত মেৰুকৰণ হোৱা নিৰ্বাচন আগতে দেখা নাছিলোঁ। ২০১৪ চনত মোদীৰ ঢৌ আছিল কিন্তু এতিয়াৰ নিচিনা দেখা নাছিলোঁ। বান্দৰ সেনানীয়ে বিষবাষ্প বিয়পাই তুলিছে।”

এন আৰ চি তৈয়াৰ কৰাৰ লক্ষ্য ব্যৰ্থ কৰিবলৈ বিজেপি দলে বদ্ধপৰিকৰ। ১ বছৰত ৫০০তকৈও অধিক বিদেশী খেদাৰ প্ৰতিশ্ৰুতি দিয়া বিজিপিয়ে চাৰে তিনি বছৰত মাত্ৰ ৪ জন বিদেশী খেদিবলৈহে সক্ষম হল। বিদেশী খেদাৰ দৰে এটা জ্বলন্ত সমস্যাৰ সমাধান কৰিবলৈ বিজেপি চৰকাৰ সক্ষম নহয়। এইয়া অতি স্পষ্টকৈ দেখুৱাই দিলে। অসমখন কাশ্মীৰ, পাকিস্তান হবলৈ নিদিওঁ বুলি কোৱা বিজিপিয়ে মাত্ৰ চাৰে তিনি বছৰত ৪ জন বিদেশী খেদিবলৈ সক্ষম হল বুলি চুপ্ৰিম কোৰ্টত দাখিল কৰিছে।

২০১৯ ৰ লোকসভা নিৰ্বাচনত বিজেপি আৰু আৰ এছ এছয়ে যি ধর্মীয় মেৰুকৰণ সৃষ্টি কৰিছে সেইয়া অসমৰ কাল । এই সময়ত হিন্দু মুছলিম নহয়, অসমীয়া হব লাগিব অসমীয়া। পুনৰ বিজেপি দলত পৰাভূত কৰিবৰ বাবে সকলোকে আহ্বান জনায় গগৈয়ে কয়” বিজেপি , আৰ এছ এছয়ে ধর্মীয় মেৰুকৰণ কৰা সাম্প্ৰদায়িক, মৌলবাদী জ্বালামুখীক উফৰাই পেলাব লাগিব। তাৰবাবে ই ভি এমৰ বুটাম টিপাৰ আগত চিন্তা কৰি লব অসমীয়াৰ পক্ষত নে বিদেশীৰ পক্ষত।