বিলাসীপাৰা, সংবাদ ৩৬৫, ১৭ এপ্ৰিল : সমাগত ধুবুৰী লোক সভা নিৰ্বাচনক কেন্দ্ৰ কৰি এ আই ইউ ডি এফ দলৰ বিলাসীপাৰা জিলা কমিটিৰ উদ্দ্যোগত তথা সভাপতি আবুল কাশেমৰ নিৰ্দ্দেশ মৰ্মে গংগাধৰ ৰায়ৰ পৰিচালনাত মৌলনা বদৰুদ্দিন আজমলৰ হেলিকপ্টাৰ যোগে এক বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয় ।

বিশাল অনুষ্ঠিত সভাখনত মৌলনা বদৰুদ্দিন আজমলে বিজেপিক কটাক্ষ কৰি ভাষণত কয় যে নৰেন্দ্ৰ মোদী হাটাও, দেশ বাচাও, অমিত শ্বাহ পাগল , হিমন্ত বিশ্ব শৰ্মা শূন্য,বুলি তীব্ৰ সমালোচনা আজমলৰ।

অসম বিধান সভাৰ মজিয়াত বঁটা লাভ কৰা বিধায়ক হাফিছ বছিৰ আহমেদ কাছমীয়ে বিজেপি আৰু কংগ্ৰেছক কঠোৰ সমোলচনা কৰি ভাষনত কয় যে কংগ্ৰেছৰ যি কথা আছিল তাৰ কথাৰ লগত কোনো মিল নাই আৰু বিজেপিয়ে আকৌ চৰকাৰলৈ আহিলে সাম্প্ৰদায়িক দিশত অশান্তিকৰ সৃষ্টি হব কিয়নো যিকোনো কাম কৰিবলৈ সক্ষম হলে বিজেপি চৰকাৰৰ অনুমতি লব ।

ইফালে বিধায়ক আধিত্য লাংথাছা, ধুবুৰী জিলা যুৱ মাষৰ্চৰ সভাপতি পলায়ন সুএধৰ, অধিবক্তা মমিনুল ইছলাম, মুক্তি ইয়াহিয়া,জিলা পৰিষদৰ সদস্যা ৰৌশনাৰা বেগম, ছাত্ৰ যুৱ মৰ্চাৰ আবু হানিফাই কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীক আৰু বিজেপি মিত্রঁজোটৰ প্ৰাৰ্থী জাবেদ ইছলামক তীব্ৰ সমোলচনা কৰে । সভাত সমষ্টি কমিটিৰ ছাদেক আলী আহমেদ, কাজাইকাটা ছুৱাপাতা গাঁও পঞ্চায়তৰ সভাপতি হুৰমুজ আলী(সাজু) কাজাইকাটা ছুৱাপাতা গাঁও পঞ্চায়তৰ আঞ্চলিকৰ সম্পাদক জাকিৰ হুছেইন আদিকে ধৰি দলৰ গন্য-মান্য ব্যক্তি উপস্থিত থাকে। বিশাল নিৰ্বাচনী সভা খনত প্ৰায় ৭ হেজাৰৰ অধিক লোক সমাগম হয় বুলি জানিব পৰা গৈছে ।