নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৭ এপ্ৰিল : বুধবাৰে পুৱতি নিশা অহা প্ৰচণ্ড ধুমুহাই সমগ্ৰ ৰাজ্য জোকাৰি যায় । প্ৰচণ্ড ধুমুহাই সমগ্ৰ ৰাজ্যতে বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে বৰ্তমানেও দক্ষিণ কামৰূপত ব্যাহত হৈ আছে বিদ্যুৎ যোগান সেৱা । ৰাজ্যত পুনৰ বলিব পাৰে ধুমুহা বতাহ । এই কথা বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰৰ ।

আজি অসমকে ধৰি উত্তৰ-পুৰ্বাঞ্চলৰ ভালেকেইখন ৰাজ্যত পুনৰ বলিব পাৰে ধুমুহা বতাহ লগতে বৃষ্টিপাত আৰু ব্ৰজপাতৰো সম্ভাৱনা কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই । ঘন্টাত ৬০ পৰা ৭০ কিমি বেগত বলিব পাৰে এই বতাহ । আনহাতে এই বতাহ আজিয়ে যথেষ্ঠ হ্ৰাস পাব যদিও আগন্তুক ৩ দিনলৈ ৰাজ্যত বৰষুণ অহা সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ।