তামুলপুৰ, সংবাদ ৩৬৫, ৬ ফেব্ৰুৱাৰী: বি টি এ ডি অঞ্চলত বসবাস কৰি থকা ধৰ্মীয় সংখ্যালঘু লোকসকল বি টি চি গঠনৰ আগৰে পৰাই লাঞ্ছিত বাঞ্ছিত হৈ আহিছে। বি টি এ ডি গঠনৰ পিছত ধৰ্মীয় সংখ্যালঘু সমাজৰ উন্নয়ন হব বুলি ধাৰণা কৰা হৈছিল যদিও হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলে ধৰ্মীয় সংখ্যালঘু সমাজৰ উন্নয়নৰ বাবে তিলমানো গুৰুত্ব নিদিলে। কুটিল ৰাজনীতিৰ বলি হব লগা হৈছে ধৰ্মীয় সংখ্যালঘু সমাজ- এই ভাষ্য তামুলপুৰ জিলা এ বি এমছুৰ সভাপতি টাইচন হুছেইনৰ। দ্বাৰকুছি আঞ্চলিক এ বি এমছুৰ পঞ্চ দ্বি-বাৰ্ষিক অধিবেশন উপলক্ষে বুধবাৰে অনুষ্ঠিত মুকলি সভাখন উদ্বোধন কৰি ছাত্ৰ নেতা জনে এই বক্তব্য আগবঢ়ায়। ভাষণ প্ৰসঙ্গত তেওঁ কয় যে ধৰ্মীয় সংখ্যালঘু সমাজৰ ন্যায়, নিৰাপত্তা আৰু অধিকাৰ সুনিশ্চিত কৰাৰ বাবে ২০০৫ চনত এ বি এমছু জন্ম দিয়া হৈছিল। জন্মলগ্নৰে পৰা বি টি এ ডিত বসবাস কৰা ধৰ্মীয় সংখ্যালঘু লোক সকলৰ সৰ্বাংগিন বিকাশৰ বাবে সংগ্ৰাম অব্যাহত ৰাখিছে। কিন্তু এ বি এমছুৰ গনতান্ত্ৰিক সংগ্ৰাম খনক স্তব্ধ কৰি দিয়াৰ বাবে চৰকাৰী ষড়যন্ত্ৰ চলিছে, একাংশ ৰাজনৈতিক অভিসন্ধি ৰচিছে। লাফিকুল ইছলামৰ হত্যাকাণ্ডৰ অদ্যাপি বিচাৰ নোহোৱা বুলি আক্ষেপ কৰি এইখন চৰকাৰৰ হাতত ধৰ্মীয় সংখ্যালঘু সমাজ কিমান সুৰক্ষিত বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে । ভাষণত তেওঁ পুণৰ কয় যে অসমত অইন জাতি জনগোষ্ঠী সম্প্ৰদায়ৰ যিমান অধিকাৰ আছে ধৰ্মী সংখ্যালঘু সকলৰো সিমানে অধিকাৰ আছে। এই অধিকাৰ দিয়াত চৰকাৰে যদি কৃপনালি কৰে তেন্তে সেই অধিকাৰ কাঢ়ি আনিবলৈ প্ৰস্তুত বুলি তেওঁ হুংকাৰ দিয়ে। দ্বাৰকুছি আঞ্চলিক এ বি এমছুৰ সভাপতি আক্কেল হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° দিলীপ বৰাই কয় যে সাম্প্ৰতিক সময়ত ভাৰতত হিন্দু মুচলমান নামত ভাগ ভাগ কৰি একাংশই ৰাজনৈতিক মুনফা লাভৰ চেষ্টা চলায় আছে। ইয়াৰ বিৰুদ্ধে সকলোৱে এক গোট হোৱাৰ প্ৰযোজন আহি পৰিছে বুলি তেওঁ মন্তব্য কৰে। দ্বাৰকুছি আঞ্চলিক এ বি এমছুৰ সাধাৰণ সম্পাদক বদৰুদ্দিন খানে আতধৰা সভাখনত চৰ-চাপৰি সাহিত্য পৰিষদৰ সভাপতি ড° হাফিজ আহমেদে কয় যে নাগৰিকত্ব নামত ধৰ্মীয় সংখ্যালঘু সকলক সদায় টুপি পিন্ধাই থকা হৈছে। সম্প্ৰতি অসমীয়া জাতিটোৰ সন্মুখত বিপদ অহা বুলি উল্লেখ কৰি তেওঁ কয় যে সমাজ থাকে মানে সমস্যা থাকিব। মানুহ থাকে মানে সমস্যা থাকিব। মাথো মানুহবোৰ হব লাগিব শিক্ষিত। সভাত এ বি এমছুৰ সভাপতি আবু ছায়েদ আনচাৰী, প্ৰাক্তন উপ সভাপতি মুজিব আলী আহমেদ, সমাজ সংগঠনক হৰেশ্বৰ বৰ্মন, আক্ৰাছু নেতা নয়ন তালুকদাৰ, বাক্সা জিলা কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰত্নেশ্বৰ কলিতা আদিকে ধৰি কেইবাজনো ব্যক্তি উপস্থিত থাকে। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত ৰাজপথত উলিয়ওৱা হয় এক সংস্কৃতিক সমন্বয় শোভাযাত্ৰা। উক্ত শোভাযাত্ৰাত অঞ্চলটোৰ বিভিন্ন কৃষ্টিদলে অংশগ্ৰহন কৰে। উল্লেখযোগ্য যে চাৰি ফেব্ৰুৱাৰীৰ পৰা তিনীদিনীয়া বৰ্ণাধ্য কাৰ্যসুচিৰে অনুষ্ঠিত হোৱা উক্ত অধিবেশনৰ আজি নিশা সাংস্কৃতিক সন্ধিয়া পিছতে সামৰণি পৰে। ইপিনে বদৰুদ্দিন খানক সভাপতি আৰু ইমাৰান হুছেইনক সাধাৰণ সম্পাদক হিচাপে লৈ দ্বাৰকুছি আঞ্চলিক এ বি এমছুৰ নতুন কাৰ্যনিৰ্বাহক সমিতি খন গঠন কৰা হয় ।