গুৱাহাটী, সংবাদ ৩৬৫, ২৮ মাৰ্চ: বুধবাৰে কলা কাপোৰ পৰিধান কৰি গুৱাহাটী মহানগৰীৰ ৰাজপথত অসমীয়া ছবি জগতৰ শিল্পী সকলে সাব্যস্ত কৰিলে কলা প্ৰতিবাদী সমদল। নাৰী নিৰ্যাতন বিৰুদ্ধে আৰু নাৰী সুৰক্ষাৰ দাবীত মহানগৰীৰ চান্দমাৰীৰ পৰা গণেশগুৰিলৈ শিল্পী সকলে হাতে হাতে বেনাৰ পোষ্টাৰলৈ খোজকাঢ়ি সাব্যস্ত কৰিলে প্ৰতিবাদ। ৰাজ্যত ক্ৰমাৎ সংঘটিত হৈ থকা নাৰী নিৰ্যাতন আৰু ধৰ্ষণকাণ্ডৰ বিৰুদ্ধে বুধবাৰে অসমীয়া ছবি জগতৰ শিল্পী সকলে ৰাজপথত খোজকাঢ়ি সাব্যস্ত কৰা এই প্ৰতিবাদী সমদলত আইমি বৰুৱা, নিশিতা গোস্বামী আৰু বৰষাৰাণী বিষয়াৰ লগতে কেইবাজনো শিল্পীয়ে অংশগ্ৰহণ কৰে। শিল্পী সকলে এই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰি ধর্ষণকাৰীক কঠোৰ শাস্তি প্ৰদান কৰা আৰু চৰকাৰে ধর্ষণকাণ্ড সংঘটিত কৰা ব্যক্তি সকলক অতি সোনকালে শাস্তি প্ৰদান কৰাৰ অইন প্ৰৱৰ্তন কৰাৰ দাবী জনায়। উল্লেখ্য যে, যোৱা কিছুদিন ধৰি এটাৰ পিছত আনটো নাৰী নিৰ্যাতন আৰু ধর্ষণকাণ্ড ৰাজ্যখনক জোকাৰি গৈছে। নগাঁৱত এগৰাকী ১৩ বছৰীয়া কিশোৰী দলবদ্ধ ধর্ষণ কৰি কেৰাচিন তেল ঢালি জ্বলাই হত্যা কৰা ঘটনাই সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। এই ধর্ষণ আৰু হত্যাকাণ্ডৰ বিৰুদ্ধে ৰাইজ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰাৰ লগতে এই কাণ্ডৰ লগত জড়িত ব্যক্তি সকলক ফাঁচী দিয়াত দাবী তুলিছে। নগাঁৱৰ লগতে ৰাজ্যৰ হোজাই, জাগীৰোড আৰু পলাশবাৰীটো কিশোৰী ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে।