কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ২৮ মাৰ্চ: উন্নয়নৰ শ্লোগান দি গাদী দখল কৰা ৰাজ্যৰ বিজেপি চৰকাৰখনৰ সভাপতি ৰঞ্জিত দাসে উন্নয়নক পিঠি দিয়াত যমৰ যাতনা ভোগ কৰিব লগা হৈছে সৰভোগৰ ১৪ খনকৈ গাঁৱৰ ৰাইজে। বৰপেটা জিলাৰ সৰভোগ সমষ্টিৰ অন্তৰ্গত সৰভোগ জামাদাৰবাৰী গড়কাপ্তানী পথখন বিগত ৪ বছৰে জৰাজীৰ্ণ হৈ থকাৰ ফলত যমৰ যাতনা ভোগ কৰিব লগা হৈছে বেকী নৈৰ দুই পাৰত বসবাস কৰা কেইবা হেজাৰ লোকৰ লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰী সকলে। বেকী নৈত থকা শিল বালিৰ কুঁৱৰীত দৈনিক সহস্ৰাধিক যান বাহন এই পথৰে যাতায়াত কৰাৰ লগতে কুঁৱৰীৰ পৰা দৈনিক ৪ লক্ষাধিক টকাৰ কৰ সংগ্ৰহ কৰাৰ পিছতো এই পথখন মেৰামতি কৰাৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে। বিজেপিৰ সভাপতি তথা সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত দাসক এই পথখন মেৰামতি কৰাৰ বাবে অঞ্চলবাসী ৰাইজে কেবাবাৰো অনুৰোধ কৰাৰ পিছতো বিধায়কৰ লগতে গড়কাপ্তানী বিভাগ আৰু বৰপেটা জিলা প্ৰশাসনে পথখন মেৰামতিৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। চৰকাৰে যদি অতি সোনকালে এই পথখন নিৰ্মাণ নকৰে তেন্তে পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰাৰ ভাবুকি প্ৰদান কৰিছে অঞ্চলটোৰ ৰাইজে।