ৰঙিয়া, সংবাদ ৩৬৫, ২৮ মাৰ্চ: কামৰূপ জিলাৰ ৰঙিয়াৰ মধুকুছিত বুধবাৰে এজন যুৱকে আত্মহত্যাৰ অপচেষ্টা চলায়। মধুকুছিৰ এটা বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰত উঠি মিদুল কলিতা নামৰ এজন যুৱকে নিজৰ শৰীৰত বৈদ্যুতিক ছক দি আত্মহনন চেষ্টা চলায়। আত্মহনন চেষ্টা কৰা যুৱকজন গুৰুত্বভাবে আহত হৈ সংজ্ঞাহীন হৈ পৰাত সংকটজনক অৱস্থাত যুৱকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। নিজ বাসগৃহৰ পৰা প্ৰায় ১০ কিলোমিটাৰ দূৰত্বত আহি কি কাৰণত যুৱকজনে এনেদৰে আত্মহত্যাৰ চেষ্টা চলালে সেয়া এতিয়ালৈ জানিব পৰা হোৱা নাই যদিও পাৰিবাৰিক কন্দল বাবে যুৱকজনে আত্মহননৰ চেষ্টা কৰা বুলি একাংশ লোকে সন্দেহ প্ৰকাশ কৰিছে। আত্মহত্যাৰ বাবে এজন যুৱক বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰত উঠাৰ খবৰ দিয়াৰ পিছতো বহু সময় পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাত স্থানীয় ৰাইজে ক্ষোভিত হৈ পৰে।