নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৫ মে’ : উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ দৌৰ ৰাণী “ধিং এক্সপ্ৰেছ” খ্যাত হিমা দাস।

কলা শাখাত শিক্ষা গ্ৰহণ কৰা স্বৰ্ণকন্যা হিমা দাসে অসমীয়া বিষয়ত লেটাৰ নম্বৰ মুঠ ৮৪ নম্বৰ লাভ কৰি উত্তীৰ্ণ হয়।

ইংৰাজীত ৬৩, ঐচ্ছিক অসমীয়াত ৬০, ৰাজনীতি বিজ্ঞানত ৭৫, শিক্ষাত ৬৭ আৰু ভূগোলত ৪৬ নম্বৰ লাভ কৰি হিমা দাসে লাভ কৰে মুঠ ৩৪৯ নম্বৰ।

উল্লেখ্য যে কলা শাখাত অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰে -দৰংৰ ব্ৰিলিয়াণ্ট একাডেমীৰ খুছবু ফিৰদৌজ ।

দ্বিতীয় স্থান লাভ কৰে যোৰহাটৰ প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজৰ কৌশিক কছাৰী আৰু কনচেপ্ট জুনিয়ৰ কলেজ, নগাঁওৰ গীতাঞ্জলি বৰঠাকুৰ।

তৃতীয় স্থান লাভ কৰে কানায়াশ্ৰী ভাগৱতী, ক্ৰিচেণ্ট একাডেমী, যোৰহাট।