গুৱাহাটী,সংবাদ৩৬৫, ১ মাৰ্চ: ভাৰতৰ কমিউনিষ্ট পাৰ্টীৰ অসম ৰাজ্য পৰিষদে দুৰ্নীতি বিৰোধী অভিযান সম্পৰ্কত আৰু অসমত চলা ছিণ্ডিকেট ৰাজ আৰু সুৰাকাণ্ডৰ প্ৰতিবাদত শুকুৰবাৰে মহানগৰীৰ দীঘলী পুখুৰীৰ পাৰত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে আৰু অসম চৰকাৰৰ ওচৰত বিক্ষোভ প্ৰদৰ্শন কৰি এখন স্মাৰক পত্ৰ দাখিল কৰে।

সংবাদ মাধ্যমৰ আগত তেওঁলোকে কয় যে দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহণশীলতাৰ কথা কোৱা বিজেপি চৰকাৰ দুৰ্নীতিত মজি আছে। দেশখনত হৈ থকা বিয়াগোম দুৰ্নীতি সমূহৰ তদন্ত হব লাগে। তদন্তৰ কাল চোৱাত দুৰ্নীতিত জড়িত মন্ত্ৰী,চৰকাৰৰ উচ্চ পদস্থ বিষয়াক দুৰ্নীতিৰ তদন্ত শেষ নোহোৱালৈকে তেওঁলোকক বৰ্খাস্ত কৰি ৰাখিব লাগে।

ভাৰতৰ স্বাধীনতাৰ পিছত ৰাফেল বীমা কেলেংকাৰী সৰ্ববৃহৎ কেলেংকাৰী। যেতিয়া ৰাফেল কেলেংকাৰীৰ প্ৰশ্ন উঠে তেতিয়া চৰকাৰে বেলেগ কেলেংকাৰীৰ কথা কৈ ৰাফেল কেলেংকাৰীৰ গুৰুত্ব কমাই। ১২৬ খন বিমান ইউ বি আই চৰকাৰৰ দিনত ধার্য্য কৰা হৈছিল কিন্তু বিজেপি চৰকাৰে ৩৮ খন বিমান অধিক দামত ক্ৰয় কৰিছে আৰু এই কথা ৰাজহুৱা কৰিব নিবিচাৰে।

আনহাতে যোৰহাট আৰু গোলাঘাটৰ বিষাক্ত সুৰাপানৰ ঘটনাৰ সন্দৰ্ভত কয় যে সুৰকাণ্ড শিৰোনামাৰে বাতৰি কাকতত প্ৰকাশ হোৱা গোলাঘাট আৰু যোৰহাট জিলাত যোৱা সপ্তাহত দুশৰো অধিক লোকে বিষাক্ত চুলাই খাই প্ৰাণ হেৰুৱাৰ ঘটনাক সমগ্ৰ ৰাইজে অসম চৰকাৰক গৰিহণা দিছে আৰু আমিও এই ঘটনাৰ নিন্দা কৰাৰ লগতে বিধান সভাৰ মজিয়াত এই ঘটনাক কেন্দ্ৰ কৰি যি নাটকৰ অভিনয় কৰিলে তাৰো নিন্দা কৰিছোঁ।

সংবাদ মাধ্যমৰ আগত তেওঁলোকে আৰু কয় যে মাৰ্ঘেৰিটাৰ বিধায়ক, বিজেপিৰ নেতা জড়িত হৈ আছে কয়লা কেলেংকাৰীত,লালীগুৰৰ ছিণ্ডিকেটৰ দায়িত্বতো আছে বিজেপিৰে নেতা। অসমৰ ছিণ্ডিকেট, দুৰ্নীতি এই সকলোৰে মূল সূতা হিমন্ত বিশ্ব শৰ্মা । কংগ্ৰেছৰ দিনটো তেওঁৱেই আছিল আৰু বিজেপিৰ দিনটো তেওঁৱেই দুৰ্নীতিৰ মূল সূতা।

আনহাতে, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মন্ত্ৰীত্ব সভাৰ পৰা আঁতৰাই ৰখাৰ দাবী তোলাৰ লগতে প্ৰয়োজন অনুসৰি গ্ৰেপ্তাৰ কৰাৰো দাবী তোলে প্ৰতিবাদী দলটোৱে।