বোকাজান, সংবাদ ৩৬৫,১মাৰ্চ: এটা অতি ভয়াবহ অঞ্চল। গাড়ীও কোনোমতেহে যায়। চকা পিছলিলেই গাড়ী পিছলি পৰিব নৈত। এই অঞ্চলবাসীৰে দুখৰ সমভাগি হৈ সৰ্বমুঠ ৪ ঘণ্টা সময় খোজকাঢ়ি নিজসমষ্টি বৰপুং-টেৰাপুংত উপস্থিত হল বিধায়ক ডাঃ নোমল মমিন,মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাংসহ টীম কাৰ্বি আংলং।

যাতায়ত শিক্ষা, পোহৰ আদি সকলোতে বছৰ বছৰ ধৰি অৱহেলিত হৈ থকা বোকাজান বিধান সভা সমষ্টিৰ বৰপুং টেৰাপুংত ৪ঘণ্টাৰ পথ খোজ কাঢ়ি পাৰ হল বিধায়ক মমিন সহ টীম কাৰ্বি আংলং। ইয়াৰ আঁৰৰ ৰহস্য পিছে বেলেগ। অসমৰ ভিতৰতে দীৰ্ঘতম পি এম জি এছ ৱাই পথ হব বৰপুং-টেৰাপুংৰ পথ। যাৰ বাবে নদীৰ মাজেৰে মুঠ ৪ ঘণ্টা সময় খোজকাঢ়ি গৈ বৰপুংত উপস্থিত হলগৈ বিধায়ক গৰাকী।

প্ৰায় ৬০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান হবলগীয়া পথটি সম্পূৰ্ণ হৈ উঠিলে নিশ্চিতভাবে সকাহ হব গাঁওবাসীৰ।

ইয়াৰপূৰ্বেও এখন বিদ্যালয় পৰিদৰ্শন কৰিবলৈ গৈ একেদৰেই খোজকাঢ়িয়ে গৈছিল বিধায়কগৰাকী। যিখন জৰাজীৰ্ণ বিদ্যালয় এতিয়া সম্পূৰ্ণ নতুনকৈ নিৰ্মান হৈ আছে।

উল্লেখ্য যে উক্ত অঞ্চলৰ ভোটকেন্দ্ৰৰ পৰা এটাও ভোট পোৱা নাছিল বিধায়ক গৰাকীয়ে কিন্তু তাৰ পাছতো সমষ্টি উন্নয়নৰ ক্ষেত্ৰত সেই কেন্দ্ৰৰ সমস্যা দূৰ কৰাত কৃপনালী কৰা নাই বিধায়ক গৰাকীয়ে।