তামুলপুৰ, সংবাদ ৩৬৫, ১ মাৰ্চ: শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ তামুলপুৰৰ কলবাৰীৰ বাসগৃহত শুকুৰবাৰে আবেলি পাঁচ বজাত অসম চৰকাৰৰ সমাজ কল্যান বিভাগৰ মন্ত্ৰী প্ৰমীলা ৰানী ব্ৰহ্ম উপস্থিত হয় ৷ উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে শ্বহীদ গৰাকীৰ পৰিয়ালৰ সতে মত বিনিময় কৰি শোক সন্তপ্ত পৰিয়ালটোক গভীৰ সমবেদনা জ্ঞাপন কৰে ৷

ইয়াৰোপৰি তিনি মাৰ্চ ৰবিবাৰে অনুষ্ঠিত হব লগা ৰাজহুৱা আদ্য শ্ৰাদ্ধৰ খা-খবৰ লোৱাৰ উপৰিও যাৱতীয় কাম কাজ সমুহৰ অগ্ৰগতিৰ সম্পৰ্কত বুজ লয় মন্ত্ৰীগৰাকীয়ে ৷ সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে শ্বহীদ মনেশ্বৰ বসুমতাৰী আমাৰ দেশ আৰু জাতিৰ গৌৰৱ ৷

আনহাতে,ৰাজহুৱা আদ্য শ্ৰাদ্ধৰ দিনা অসমৰ ৰাজ্যপাল , মুখ্যমন্ত্ৰীকে ধৰি কেইবাগৰাকী মন্ত্ৰী ,আমোলা, বি টি চিৰ কাৰ্যবাহী সদস্যসকল উপস্থিত থকাৰ কথা ৷

শুকুৰবাৰৰ দিনটোতেই বাক্সা জিলা আৰক্ষী অধীক্ষক প্ৰতীক থুবে, মহকুমাধিপতি সুজিত বাগলাৰীয়ে শ্ৰাদ্ধস্থলী পৰিদৰ্শন কৰি স্থানীয় বি টি চিৰ কাৰ্যবাহী সদস্য দেবেন বড়ো , গাঁওবাসী , আদ্য শ্ৰাদ্ধ পৰিচালনা সমিতি , বি পি এফ দলৰ কৰ্মকৰ্তা সকলৰ সতে আলোচনাত মিলিত হয় ৷