হাটশিঙিমাৰী, সংবাদ ৩৬৫, ২২ জানুৱাৰী: নব গঠিত দ:শালমাৰা মানকাচৰ জিলা সদৰ হাটশিঙিমাৰীৰ পৰা প্ৰায় ১০ কি:মি: নিলগত ২২ বছৰীয়া এজনী ছোৱালী নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত এক চাঞ্চল্যকৰ সৃষ্টি কৰিছে। জানিব পৰা মতে সুখচৰ থানাৰ অন্তৰ্গত তাতিপাৰা গাঁৱৰ বাসিন্দা ছাবেৰ আলী খন্দকাৰৰ কন্যা মিনাৰা খাতুন(২২) চলিত মাহৰ যোৱা ২ তাৰিখ বুধবাৰৰ দিনা ঘৰৰ পৰা নিৰুদ্দেশ হৈছিল আৰু তাৰ পিছত বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰকাশৰ লগতে সুখচৰ থানাত এক গোচৰ ৰুজু কৰিছিল ভুক্তভোগী পৰিয়ালে। শেহতীয়াকৈ একে সময়তে বহি:ৰাজ্য হাৰিয়ানাত বিক্ৰী কৰা মানকাচৰ জোৰডাংগা গাওঁৰ বাসিন্দা আ: বাতেনৰ কন্যা ফালুদা খাতুন(৩০)ক সুখচৰ আৰক্ষীয়ে উদ্ধাৰ কৰা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যকৰ সৃষ্টি কৰিছে। জানিব পৰামতে উদ্ধাৰ হোৱা ছোৱালীজনী সুযোগ বুজি হাৰিয়ানাৰ পৰা গোপনে নিজা ঘৰলৈ এটা ফোন কৰি ঘৰত সকলো কথা জনাইছিল আৰু ইয়াৰ পিছত ঘৰৰ মানুহে আৰক্ষীক অৱগত কৰে আৰু তাৰ পিছত সুখচৰ আৰক্ষীয়ে অভিযান চলাই ফালুদা খাতুনক উদ্ধাৰ কৰি চলিত মাহৰ ২০ তাৰিখ ৰবিবাৰে সুখচৰ থানাত লৈ আহে ৷ আনহাতে মিনাৰা খাতুনৰ পৰিয়াল আৰু গঞা ৰাইজে ফালুদা খাতুনৰ উদ্ধাৰৰ বাতৰি পাই সুখচৰ থানাত আহি ফালুদা খাতুনৰ মুখেৰে মিনাৰা খাতুনৰ বিষয়ে জনাৰ পাছত পোহৰলৈ আহে ভয়াবহ তথ্য। ফালুদা খাতুনে কয় যে “মই হাৰিয়ানাত মিনাৰা খাতুনক লগ পাইছিলোঁ, একেটা ঘৰতে বেলেগ বেলেগ ৰুমত আছিলোঁ, মই তাইক চিনি পাওঁ”। ইফালে খোপাতী গাঁৱৰ বাসিন্দা শাহজাহান শেখক আটক কৰি ফালুদা খাতুনক উদ্ধাৰ কৰা ঘটনাও এক ৰহস্যজনক বিষয় হৈ পৰিছে। নাৰী সৰ্বৰাহকাৰীৰ সন্দেহত আটক শাহজাহান শেখৰ বিৰুদ্ধে মিনাৰা খাতুনৰ পৰিয়ালে সুখচৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰি মংগলবাৰে দুপৰীয়া ১২ বজাত ভুক্তভোগীৰ ঘৰত পৰিয়ালসহ গঞা ৰাইজে মিনাৰা খাতুনৰ উদ্ধাৰ আৰু দোষীক কৰায়ত্ব কৰি ফাচীঁ দিয়াৰ দাবীত বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। জানিব পৰা মতে আটক শাহজাহান শেখ আৰু উদ্ধাৰ ফালুদা খাতুনক সুখচৰ আৰক্ষীয়ে মিনাৰা খাতুনক উদ্ধাৰ সম্পৰ্কে জেৰা অব্যাহত ৰাখিছে। আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব নাৰী সৰবৰাহ কাৰী চক্ৰৰ সন্ধান। মন কৰিবলগীয়া কথা যে দীৰ্ঘদিন ধৰি অসমৰ বিভিন্ন প্ৰান্তত নাৰী নিৰ্যাতন, নাৰী সৰ্বৰাহকাৰী চলি থকা সময়তে মিনাৰা খাতুন উদ্ধাৰ হব নে নাই চিন্তিত হৈ আছে পৰিয়ালৰ লগতে গঞা ৰাইজে।