বটদ্ৰৱাৰ পৰা নজৰুল ইছলাম, সংবাদ ৩৬৫, ২৩ জানুৱাৰী: নগাঁও জিলাৰ ধিংৰ ডুমডুমীয়াত মংগলবাৰে নগাওঁ জিলা কমিটিৰ সভাপতি কম্পক কলিতাৰ সভাপতিত্বত হোৱা সম্বৰ্ধনা অনুষ্ঠানত এ আই ইউ ডি এফৰ কেন্দ্ৰীয় কমিটিৰ উপসভাপতি আব্দুল কাদিৰে মন্তব্য কৰি কয় যে গ্ৰাম্যাঞ্চলৰ সামগ্ৰিক উন্নয়নত পঞ্চায়তৰ গুৰুত্ব অধিক। দুৰ্নীতিৰ ক্ষেত্ৰত ৰাইজৰ আস্থাক নিষ্ঠা আৰু সততাৰে পালন কৰি শূণ্য সহনশীল নীতিত বিশ্বাস ৰাখি এখন আদৰ্শ পঞ্চায়ত গড়ি তুলিব লাগিব। টুকটুকী জিলা পৰিষদৰ নৱ নিৰ্বাচিত সদস্য গোলাম ৰাব্বানি, বটদ্ৰৱা জিলা পৰিষদৰ নৱ নিৰ্বাচিত সদস্যা আচমিনা খাতুন সৰকাৰ, জাৰামাৰী আলিটাঙনি জিলা পৰিষদৰ সদস্য জিয়াউৰ ৰহমান, বলিকটিয়া গাওঁ পঞ্চায়তৰ নৱ নিৰ্বাচিত সভাপতি শ্বৰীফ আলীকে আদি কৰি নগাওঁ আৰু মৰিগাঁও জিলাৰ প্রায় শতাধিক নৱ নিৰ্বাচিত পঞ্চায়ত প্রতিনিধিক এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ বদৰুদ্দি আজমলে ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। সভাত ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম এ আই ইউ ডি এফৰ নেতা নূপুৰ বৰ্ধন ,প্ৰাক্তন বিধায়ক হাফিজ বাসীৰ কাচিমি, আজিজুল হক মৰল, নচিম আহমেদ, পুতুল দাসে ভাষণ প্ৰধান কৰি নৱনিৰ্বাচিত প্ৰতিনিধি সকলক শুভকামনা জনায়। সম্বৰ্ধনা অনুষ্ঠানত ধিং সমষ্টিৰ যুৱমৰ্চাৰ সাধাৰণ সম্পাদক ইছৰাফিল আলী, নগাওঁ জিলাৰ মহিলামৰ্চাৰ মীনা বড়ো, নগাওঁ জিলা কমিটিৰ সম্পাদক জহিৰুল ইছলামৰ লগতে দলীয় কর্মী সমৰ্থক সকল উপস্থিত আছিল।