বাইহাটা চাৰিআলিৰ পৰা নীলমণি দাস, সংবাদ ৩৬৫, ২২জানুৱাৰী: মংগলবাৰে বাইহাটা চাৰিআলিত বিজেপি দলৰ এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হয়। সোমবাৰে কামৰূপ জিলাৰ কমলপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত কুৰ্ম্ম মাধৱ দেৱালয়ত মনিকূট উন্মোচনী সভাত মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অংশ লৈ ওভতাৰ পথতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যই কলা পতকা প্ৰদৰ্শন কৰে। আৰু তাৰ বিৰুদ্ধে আজি অৰ্থাৎ মংগলবাৰে বাইহাটা চাৰিআলিত এক প্ৰতিবাদী কাৰ্য্যসূচী পালন কৰে। প্ৰায় সহস্ৰাধিক বিজেপি কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীৰ আগমূহুৰ্তত বাইহাটা চাৰিআলিস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ সমূখত এখন প্ৰতিবাদী সভা অনুস্থিত কৰে। সভাত বিজেপি নেতা কৰ্মীসকলে নেতা ভাৰতীয়া লোকৰ জৰিয়তে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মন্ত্ৰী বিত্তমন্ত্ৰী গৰাকীক কলা পতকা প্ৰদৰ্শনৰ বিৰুদ্ধে তীব্ৰ গৰিহনা দিয়ে । অনাগত দিনত সংগঠনটোৱে মন্ত্ৰী জনৰ বিৰুদ্ধে এনে কাৰ্য্য সম্পাদন কৰিলে বিজেপি কৰ্মী সকলেও যোগ্য প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ প্ৰদান কৰে। প্ৰতিবাদী সভাৰ অন্তত প্ৰায় পোন্ধৰ শ বিজেপিৰ পুৰুষ মহিলা কৰ্মীয়ে হাতে হাতে অখিল গগৈ, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু পতকা প্ৰদৰ্শনকাৰী সকলৰ বিৰুদ্ধে বিভিন্ন শ্লোগান সম্বলিত বেনাৰ পোষ্টাৰ লৈ সমগ্ৰ বাইহাটা চাৰিআলি উত্তাল কৰি তোলে । লগতে কলা পতাকা প্ৰদৰ্শনকাৰী সকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ কমলপুৰ ৰাজহ চক্ৰ বিষয়া ডা: বেদাঙ্গ তালুকদাৰক স্মাৰক পত্ৰ প্ৰদান কৰে ।