জোনমণি বেগম

বিশ্বনাথ

১৪ মাৰ্চ

অসমৰ সভ্যতা-সংস্কৃতিৰ লগত মই পূৰ্বতে পৰিচিত। অসমৰ লগত অন্যান্য ৰাজ্যৰ তুলনা নহয়। বিশ্বনাথ চাৰিআলিত বিজেপিৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য প্ৰকাশ কৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে আহোমৰ ৰাজত্ব কালত অসমৰ প্ৰতিৰক্ষা ব্যৱস্থা কটকটীয়া আছিল বুলি কৈ লাচিত বৰফুকনক প্ৰশংসা কৰাৰ লগতে অসমক বিৰঙ্গনাৰ ভূমি বুলি মন্তব্য কৰে।

প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক স্মৰণ কৰি গুৰুজনাই ধৰ্ম, ভাষা-সংস্কৃতি ৰক্ষাৰ বাবে অসমত কৰি যোৱা অৱদানৰ বিষয়ে উল্লেখ কৰে। ২০১৪ চনত দেশত প্ৰধানমন্ত্ৰী মোদীয়ে চৰকাৰ গঠন কৰাৰ পিছতেই সন্ত্ৰাসবাদ নিঃশেষ কৰাৰ যি সিদ্ধান্ত লৈছিল সেই সিদ্ধান্ত মতেই সন্ত্ৰাসবাদ পৰিসমাপ্তি ঘটিছে আৰু সকলো জনসাধাৰণে মুক্ত মনেৰে পৰিভ্ৰমণ কৰিব পাৰিছে বুলিও মন্তব্য কৰে ৰাজনাথ সিঙে। বিজেপি চৰকাৰৰ দিনতেই সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাক ভাৰতৰত্ন সন্মানেৰে বিভূষিত কৰিছিল। অসমৰ কৃষি খণ্ড, চাহ বাগিচাৰ উন্নয়নৰ, আত্মসহায় গোট আৰু বিভিন্ন উন্নয়নমূলক কাম বিজেপি চৰকাৰৰ দিনত হৈছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰাৰ লগতে বিশ্বনাথ সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰমোদ বৰঠাকুৰক পদুম ফুলৰ চিনত ভোট দি বিপুল ভোটত জিকাবলৈ অনুৰোধ জনায়।

অসম বিধানসভা নিৰ্বাচকলৈ শাসকীয় বিজেপি দলে পুনৰবাৰ দিছপুৰ দখল কৰাৰ উদ্দেশ্যে প্ৰচাৰ অভিযান তীব্রতৰ কৰি তুলিছে। প্ৰতিটো সমষ্টিত বিজেপিৰ প্ৰাৰ্থী সকলে প্ৰচাৰ চলাই থকাৰ সমান্তৰালে কেন্দ্ৰীয় মন্ত্ৰী সকলো বিজেপিৰ প্ৰাৰ্থী সকলৰ বাবে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে।