জোনমণি বেগম

বিশ্বনাথ

১৫ মার্চ

বিহালীত বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি বিস্ফোৰক মন্তব্য প্ৰদান কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিহালী সমষ্টিৰ কংগ্ৰেছ মহাজোঁট বন্ধনৰ চিপিআই (এম এল)ৰ প্ৰাৰ্থী বিবেক দাসক উদ্দেশ্যি মন্ত্রী গৰাকীয়ে কয় যে চিপিআই (এম এল) বস্তুটো অসমত নাছিলেই। অসমত এই দলটো জানো কৰ পৰা ওলাল, মইটো বুজিয়ে পোৱা নাই।

চিপিআই, চিপিআই (এম) শুনিছিলো কিন্তু আজি বিহালীত আহি প্ৰথম চিপিআই (এম এল)ৰ নামটো শুনিছো। কংগ্ৰেছ, চিপিআই এইবোৰ বদৰুদ্দিন আজমলৰ দালাল। এইবোৰে বদৰুদ্দিন আজমলৰ চুপাৰি লৈ বহি আছে। ইফালে ৰাইজে বিহালীত এইবাৰ যিমান ইচ্ছা সিমান গল দিয়ক বুলি উল্লেখ কৰি মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় যে এইবাৰ বিহালীত গলকীপাৰ নাই, গতিকে বিহালী সমষ্টিৰ ৰাইজে এইবাৰ মোৰ দাদা ৰঞ্জিত দত্তক ৭০ হাজাৰ ভোটৰ ব্যৱধানত বিজয় কৰক। আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাক উদ্দেশ্যি মন্ত্ৰী গৰাকীয়ে কয় যে ৰিপুন বৰাই গহপুৰবাসীক মুখ্যমন্ত্ৰী হোৱাৰ কথা কৈ ভোট ভিক্ষা কৰিছে কিন্তু গহপুৰৰ ৰাইজ স্বাভিমানী ৰাইজ, গহপুৰৰ ৰাইজক মুখ্যমন্ত্ৰী নালাগে।গহপুৰৰ ৰাইজক লাগে কনকলতা বৰুৱাৰ আদৰ্শৰে যাতে জীয়াই থাকে, গহপুৰৰ ৰাইজে বদৰুদ্দিন আজমলৰ ওচৰত অসমক বিক্ৰী নকৰে।

ইফালে মন্ত্ৰী গৰাকীয়ে নিজৰ ভাষণ প্ৰসংগত ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰে যে এইবাৰ বিজেপি চৰকাৰ গঠন কৰাৰ প্ৰথম বৰ্ষতে বিহালী সমষ্টিৰ গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ বাবে এশ কোটি টকাৰ পেকেজ ঘোষনা কৰা হ’ব আৰু বিহালীৰ বেদেতীত এখন চৰকাৰী মহাবিদ্যালয় স্থাপন কৰা হ’ব। মই ৰাজ্যৰ ৰাজনীতিত বিশ বছৰ আছো আৰু আজিলৈকে যি কথা কৈছো আখৰে আখৰে পালন কৰিছো বুলিও মন্তব্য প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই।