দক্ষিণ শালমাৰা

১৪ মাৰ্চ

দক্ষিণ শালমাৰামানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ ভাৰত-বাংলাদেশ সীমান্তৰ কুচনীমাৰা গাঁৱত আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই বৃহৎ পৰিমাণৰ নিচা জাতীয় দ্ৰব্যসহ এজন লোকক গ্ৰেপ্তাৰ কৰে। এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতাই চন্দ্ৰ ৰায়ে কুচনীমাৰা গাঁৱত অভিযান চলাই নিচাজাতীয় দ্ৰব্যসহ এজন লোকক গ্ৰেপ্তাৰ কৰে।

ড্ৰাগছ সৰ্বৰাহকাৰী জনে বজাৰত নিচাজাতীয় দ্ৰব্যখিনি বিক্ৰী কৰিবলৈ ধৰাত আৰক্ষীয়ে ড্ৰাগছ সৰ্বৰাহকাৰী জনক আটক কৰি ১৪৪০ টা নিচাজাতীয় টেবলেট উদ্ধাৰ কৰে। মানকাচৰ আৰক্ষীয়ে ইতিমধ্যে ড্ৰাগছ সৰ্বৰাহকাৰী জনক গ্ৰেপ্তাৰ কৰি নিচাজাতীয় টেবলেটখিনি জব্দ কৰিছে। ধৃত সৰ্বৰাহকাৰী জন মানকাচৰ থানা এলেকাৰ পূবেৰ গাঁৱৰ আব্দুল খালেকৰ পুত্ৰ জাকিৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে।

মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাৰৰ বেৰৰ ওপৰেদি দীৰ্ঘদিনৰ পৰা সৰ্বৰাহকাৰী জনে বাংলাদেশত ড্ৰাগছ সৰবৰাহ কৰি অহা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ বিভিন্ন প্ৰান্তত বিগত কিছু বছৰ ধৰি ড্ৰাগছ ব্যাপক প্ৰচলন দেখিবলৈ পোৱা গৈছে।