শিৱসাগৰ, সংবাদ ৩৬৫, ২৮ অক্টোবৰ: অসম আৰু অসমীয়া ৰাইজৰ হৈ আপোচবিহীন ভাবে সংগ্ৰাম কৰি অহা ঐক্য সেনা অসমৰ শিৱসাগৰৰ নামতি চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা এক ৰাজহুৱা সভাত “অসমৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত আমি ঐক্য সেনা অসমে যুঁজি যাম জিনি যাম” এই মন্তব্য সংগঠনটোৰ মুখ্য সম্পাদক শ্বহিদুল ইছলামৰ। লগতে সাম্প্ৰদায়িক মন্তব্য কৰা শিলাদিত্যক কঠোৰ সকীয়নী দি শীঘ্ৰেই মুখ্যমন্ৰীক ব্যবস্হা গ্ৰহনৰ দাবী জনায় শ্বহিদুল ইছলামে। অন্যথা অসমৰ ৰাইজেপিটিব বুলি মন্তব্য কৰে। পাচ শতাধিক ৰাইজৰ উপস্হিতিত অনুষ্ঠিত উক্ত সভাত কেন্দ্ৰীয় সমিতিৰ সভাপতি সঞ্জীৱ মহন্ত, সাধাৰণ সম্পাদক ফৰিদ ইছলাম হাজৰিকা, মুখ্য সাংগঠনিক সম্পাদক প্ৰতিভা নাথ, উপদেষ্টা মনোৰঞ্জন বৰা, উপ সভানেত্ৰী অনিতা ভূঞা,সম্পাদক ৰূপম সোনোৱাল উপস্হিত থাকে। বিশিষ্ট শিক্ষাবিদ চৈয়দ আব্দুল ৰহমানে সভাপতিত্ব কৰা উক্ত সভাত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ উপৰিও জাতীয় নেতা তথা অসমৰ মাননীয় মুখ্যমন্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াই অসমৰ স্বাৰ্থ সুৰক্ষিত কৰিব নোৱাৰে তেওঁ দিল্লীৰ শ্ৰুতলিপিত হে কাম কৰে বুলি কয়। অসমৰ ৰাইজৰ ওপৰত এটাৰ পিছত এটা বোজা জাপি দি অসমীয়া ৰাইজক পনবন্দী কৰি নিশ্চিত মৃত্যুৰ পথলৈ থেলি দিছে বুলি গুৰুত্বপুৰ্ণ মন্তব্য কৰে কেন্দ্ৰীয় সমিতিৰ মুখ্যমুখপাত্ৰ কমল কুমাৰে। সভাত নেচনেল বডি বিল্ডিং ফিটনেছ চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত মম ফিটনেছ শাখাত ব্ৰন্জৰ পদক লাভ কৰা মুনমী বৰুৱাক সম্বদ্ধৰ্না জনোৱা হয়। শিৱসাগৰ জিলাৰ বহু কেইগৰাকী বিশিষ্ঠ ব্যক্তিৰ লগতে ঐক্য সেনা অসমৰ শিৱসাগৰ জিলাৰ সভাপতি বাবলু বেনেট মুখ্য সম্পাদক জাকিৰ হুছেইন, সাধাৰন সম্পাদক ৰাজীব গগৈ উপস্হিত থাকে। সভাত ইব্ৰাহিম আলিক সভাপতি, লাচিত দত্তক কায্যৰ্কৰী সভাপতি, ৱাকিল আলিক সাধাৰণ সম্পাদক আৰু গোলাপ জান আলিক মুখ্য সম্পাদক হিচাবে লৈ ৫১ জনীয়া এখন শক্তিশালী আঞ্চলিক সমিতি গঠন কৰা হয়।