উত্তৰ অভায়াপুৰী, সংবাদ ৩৬৫, ২৯ অক্টোবৰ: হাজাৰটা পৰিৱৰ্তনৰ শ্লোগান গাই উন্নয়নৰ নামত গাদী দখল কৰা চৰকাৰখনে আজিকোপতিলৈ ৰাস্তা-ঘাটৰ লগতে উন্নয়নটো বাদেই এখন দলঙৰো ভালকৈ নিৰ্মান কৰিব নোৱাৰিলে। যাৰ ফলত সাধাৰণ জনতাই যাতায়তৰ বাবে দুৰ্ভোগ ভুগিব লগীয়া হৈছে। এই সমস্যা বঙাইগাঁও জিলাৰ ৩৪ নং উত্তৰ অভায়াপুৰী সমষ্টিৰ অন্তৰ্গত জপেয়া মুলবাৰীৰ হাজাৰ হাজাৰ ৰাইজেও যাতায়তৰ ক্ষেত্ৰত বছৰ বছৰ ধৰি জীয়াতু ভুগিব লগা হৈছে। মানাহ নদীয়ে অঞ্চলটোৰ লোক সকলক বহিৰাজ্যৰ লগত যোগাযোগ বিছিন্ন কৰি ৰাখিছে। বিশেষকৈ জপীয়া মুলবাৰী পাৰঘাটত বছৰ বছৰ ধৰি ৰাইজে টুলুঙা নাওৰে পাৰাপাৰ হব লগা হোৱাত যমৰ যাতনা ভুগিব লগা হৈছে। নিতৌ ন ন সমস্যাৰ সন্মুখীন হব লগা হয় স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী। অঞ্চলটোৰ পৰা নিতৌ পাৰাপাৰ হয় লাংলা বি বি আঞ্চলিক কলেজ, মানিকপুৰ আঞ্চলিক কলেজৰ ছাত্ৰ ছাত্ৰী। অঞ্চলটোৰ কৃষি উৎপাদিত সামগ্ৰী ৰপ্তানিৰ ক্ষেত্ৰতো সমস্যাৰ সন্মুখীন হয় দূখীয়া খেতিয়ক সকল। এশ এবুৰি সমস্যাৰ মাজত ককবকাই থকা এই অঞ্চলটোৰ উন্নয়নৰ দিশত অকনো মনোযোগ নাই জনপ্ৰতিনিধিৰ। কুম্ভকৰ্ণ নিদ্ৰাত বিধায়ক আব্দুল হাই নাগৰিৰ লগতে সাংসদ চিৰাজ উদ্দিন আজমল ।উপায়ন্তৰ হৈ স্থানীয় ৰাইজে দান বৰঙণিৰে আৰম্ভ কৰিলে মানাহ নদীৰ ওপৰত থকা জপেয়া মুলবাৰীৰ পাৰঘাটৰ দলং নিৰ্মাণৰ কাম। স্থানীয় ৰাইজে গাৱৰ পৰা বাহ আৰু কাঠ সংগ্ৰহ কৰি হাতে কামে আৰম্ভ কৰিলে দলং নিৰ্মাণৰ কাম। স্থানীয় বিধায়ক আৰু সাংসদৰ ওপৰত ক্ষোভ উজাৰিলে একাংশ ৰাইজে। লগতে মানাহ নদীৰ ওপৰত থকা জপেয়া মুলবাৰীৰ পাৰঘাটত এখন কাঠৰ দলং নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছে স্থানীয় ৰাইজে।