চৰাইদেউ, সংবাদ ৩৬৫, ২৩ আগষ্ট: ঐতিহাসিক চৰাইদেউ জিলাৰ সাপেখাতী উন্নয়ন খণ্ডৰ অন্তৰ্গত সোণালী গাওঁ পঞ্চায়তত অৱস্থিত ১০৬ নং সোণাৰি সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ শক্তি মন্ত্ৰী তপন কুমাৰ গগৈৰ গৃহ এলেকাত অৱস্থিত চৰাইপুং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ অবিহনে চলিছে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো। বিগত কেইবামাহ ধৰি চিকিৎসকৰ অভাৱত এজন ফাৰ্মাচিষ্টে চিকিৎসা চলাই অহাৰ লগতে ঔষধ বিতৰণ কৰি অহা অভিযোগ উত্থাপিত হৈছে। পৰিৱৰ্তনকামী চৰকাৰ খনৰ স্বাস্থ্য বিভাগৰ দক্ষমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দম্ভালি মাৰি থাকোতেই চিকিৎসক নোহোৱাকৈ মাত্ৰ ফাৰ্মাচিষ্ট এজনে চিকিৎসা চলাই থকাত যিকোনো মুহূৰ্ততে বিপদৰ সন্মুখীন হোৱাৰ লগতে চিকিৎসকৰ অভাৱত অসম-অৰুণাচল সীমান্তৱৰ্তী এলেকাৰ এই স্বাস্থ্য কেন্দ্ৰটোত বিভিন্ন অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে ।