ৰূপহীহাট 

৩১ মে’

নগাঁও আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। জিলাখনৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অধিক তীব্রতৰ কৰি তুলিছে ড্ৰাগছ বিৰোধী অভিযান। জিলাখনত প্ৰতিদিনে ইজনৰ পিছত সিজন ড্ৰাগছ মাফিয়া আৰক্ষীৰ জালত পৰিছে। জব্দ হৈছে বৃহৎ পৰিমাণৰ মাৰাত্মক ড্ৰাগছ। বিশেষকৈ নতুনকৈ নগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতে আই পি এছ বিষয়া আনন্দ মিশ্ৰই জিলাখনক সম্পূৰ্ণ ড্ৰাগছ মুক্ত কৰি তোলাৰ বাবে চেষ্টা চলাই থকা পৰিলক্ষিত হৈছে।

ইতিমধ্যে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ ড্ৰাগছ বিৰোধী অভিযানত আৰক্ষীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। দেওবাৰে মাজনিশাও আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ নেতৃত্বত আৰক্ষীৰ এটা দলে এক গোপন খবৰৰ ভিত্তিত ড্ৰাগছ বিৰোধী অভিযান চলায়। নগাঁও জিলাৰ অন্তৰ্গত জুৰীয়া বজাৰৰ সমীপৰ জাইতুল কবিৰ নামৰ এজন ড্ৰাগছ ব্যৱসায়ীৰ ঘৰত আৰক্ষীয়ে
অভিযান চলায়।

আৰক্ষীৰ অভিযানৰ সময়ত বিভিন্ন অপৰাধৰ সৈতে জড়িত অভিযুক্ত জাইতুল কবিৰে আৰক্ষীক উদ্দেশ্যি গুলী চালনাৰ চেষ্টা কৰোতে আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ীজনক লক্ষ্য কৰি লগে লগে গুলী চালনা কৰে। আৰক্ষীৰ গুলীত আহত হৈ পৰা ড্ৰাগছ ব্যৱসায়ী জাইতুল কবিৰক আৰক্ষীয়ে আটক কৰাৰ লগতে মৰণাস্ত্ৰ জব্দ কৰে। আহত ড্ৰাগছ ব্যৱসায়ী জাইতুল কবিৰক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।