গুৱাহাটী, সংবাদ ৩৬৫, ৯ অক্টোবৰ: অসম আৰক্ষীৰ বিশেষ শাখাৰ সহযোগত আৰু হায়াত হাস্পতালৰ উদ্যোগত মঙ্গলবাৰে কাহিলিপাৰাস্থিত বিশেষ শাখাৰ মুখ্য কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত এক স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। স্বাস্থ্য শিবিৰ মুকলি কৰি বিশেষ শাখাৰ ডি আই জি প্ৰশান্ত কুমাৰ দত্তই কয় যে স্বাস্থ্য ভালে থাকিলে মন ভালে থাকে আৰু মন ভালে থাকিলেহে কৰ্মস্পৃহা বাঢ়ে। লগতে তেওঁ আৰু কয় যে দেশৰ নিৰাপত্তা জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ গধুৰ দায়িত্বত আত্মনিয়োগ কৰা অসম আৰক্ষীৰ প্ৰতিটো শাখাৰ জোৱানসকল সুস্বাস্থ্যৱান হোৱাটো অতি প্ৰয়োজনীয়। ডি আই জি গৰাকীয়ে জন হিতাৰ্থে হায়াত হাস্পতালে গ্ৰহণ কৰা বিনামূলীয়া স্বাস্থ্য শিবিৰৰ লগতে আন সেৱামূলক কৰ্মৰাজিৰো ভুয়সী প্ৰশংসা কৰে। আনহাতে শুভেচ্ছামূলক ভাষণত হায়াত হাস্পতালৰ মেডিকেল ডাইৰেক্টৰ ডাঃ হেমজিৎ তালুকদাৰে আৰক্ষীৰ জোৱানসকলৰ ব্যস্ততাপূৰ্ণ জীৱনত বেমাৰ-আজাৰ হ’লে চিকিৎসকৰ ওচৰলৈ যাবলৈ আহৰি নথকাৰ মৰ্মস্পৰ্শী বিষয়টো উল্লেখ কৰে। নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ দ্বাৰা ৰোগ প্ৰতিৰোধ কৰিব পাৰি বুলিও তেওঁ উল্লেখ কৰে। হায়াত হাস্পতালৰ মহাপ্ৰবন্ধক পৰাগজ্যোতি দত্তই প্ৰকাশ কৰা অনুসৰি বিশেষ শাখাৰ আই জি পি হীৰেন চন্দ্ৰ নাথে অংশগ্ৰহণ কৰা স্বাস্থ্য শিবিৰটোত হাস্পতালখনৰ হৃদ শল্য আৰু হৃদৰোগ বিশেষজ্ঞ ক্ৰমে ডাঃ বিষ্ণু কুমাৰ ডেকা আৰু ডাঃ চিন্ময় মজুমদাৰ, ডায়েবেট’লজিষ্ট ডাঃ নাছিমুৰ ৰিয়াজ, গেষ্ট্ৰ’ ৰোগ বিশেষজ্ঞ ডাঃ ছবুৰ উদ্দিন আহমেদ, মেডিচিন বিশেষজ্ঞ ডাঃ অন্তৰা গোঁহাই আৰু ডাঃ ভাস্কৰ নেওগ, স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ জুলি ডি ভৰালী, জৰুৰীকালীন বিভাগৰ ডাঃ তাহচিন ওমৰে অংশগ্ৰহণ কৰে। অসম আৰক্ষীৰ বিশেষ শাখাৰ ৰিজাৰ্ভ ইন্সপেক্টৰ এ কে শৰ্মাই প্ৰকাশ কৰা অনুসৰি স্বাস্হ্য শিবিৰটোত ৫ শতাধিক জোৱান আৰু তেওঁলোকৰ পৰিয়ালে স্বাস্থ্য পৰীক্ষা কৰায়। শিবিৰত বিশেষ শাখাৰ অধীক্ষক আই এইচ বৰা, হায়াত হাস্পতালৰ মুখ্য মহা প্ৰবন্ধক তথা সঞ্চালক অয়স্কান্ত চক্ৰৱৰ্তী প্ৰমুখ্যে ভালে সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।