কলগাছিয়া, সংবাদ ৩৬৫, ৯ অক্টোবৰ: ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ নমুনাৰ বাবে গছৰ তলতে ছটফটাই থাকিব লগীয়া হয় প্ৰসূতি। বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ ৰাজ্যিক চিকিৎসালয়ৰ নাৰ্চ সকলৰ দৌৰাত্ম্যই চিন্তিত কৰি তুলিছে জনীয়া অঞ্চলৰ সৰ্বস্তৰৰ ৰাইজক। সোমাবাৰে পুৱা ৭ বজাত জনীয়া গাওঁ পঞ্চায়তৰ এলেকাধীন সালেকুৰা গাঁৱৰ দুগৰাকী প্ৰসূতি জনীয়াৰ ৰাজ্যিক চিকিৎসালয়লৈ অনা হয় যদিও আবেলি ২ বাজি পৰ্যন্ত উপস্থিত হোৱা দেখা নগল কোনো এগৰাকী নাৰ্চ তথা স্বাস্থ্য কৰ্মী। সেই সময়ত কৰ্তব্যৰত নাৰ্চ হিচাপে আছিল কবিতা মেধি আৰু শেৱালী পাঠক। কবিতা মেধিৰ ওপৰত অনুৰূপ এই অভিযোগ কোনো নতুন নহয়। তাতোকৈ তাৎপৰ্যপূৰ্ণ বিষয় হল যে প্ৰসূতি বিভাগৰ কোনো ডাক্তৰ নথকা জনীয়া ৰাজ্যিক চিকিৎসালয়ৰ কবিতা, শেৱালীহতৰ নিচিনা নাৰ্চ সকলৰ কথাই হৈছে শেষ কথা। কবিতা , শেৱালিৰ লগতে জনীয়াৰ ৰাজ্যিক চিকিৎসালয়ৰ প্ৰতিগৰাকী নাৰ্চে জোৰ কৰি ধন অভিযোগ পুৰণি যদিও সোমবাৰৰ ঘটনাত বৰপেটা স্বাস্থ্য বিভাগক ৰাইজে ধিক্কাৰ দিয়াৰ লগতে জনীয়া ৰাজ্যিক চিকিৎসালয়ত এগৰাকী প্ৰসূতি বিভাগৰ চিকিৎসক নিয়োগ কৰাৰ লগতে ঘটনাৰ নিৰপেক্ষ তদন্ত সাপেক্ষে কবিতা মেধি আৰু শেৱালী পাঠকক শাস্তিৰ দাবী উত্থাপন কৰিছে। উল্লেখ্য যে জনীয়া ৰাজ্যিক চিকিৎসালয়ৰ চৰম অবহেলাত অতিষ্ট হৈ সোমবাৰে আবেলি ২:৩০ বজাত সালেকুৰা গাঁৱৰ প্ৰসূতি গৰাকীক বৰপেটা ফখৰুদ্দিন আলী আহমেদে মেডিকেল কলেজলৈ লৈ যায়। ৰাইজে বৰপেটা স্বাস্থ্য যুটীয়াসঞ্চালক আৰু চৰকাৰক বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আহ্বান জনায়।