জোনমণি বেগম

বিশ্বনাথ

২৭ জানুৱাৰী

অসম গাঁওৰক্ষী সংগঠনৰ ৭২ তম প্ৰতিষ্ঠা দিৱস উদযাপন। বিশ্বনাথ জিলা আৰক্ষী আৰু অসম গাঁওৰক্ষী সংগঠন, বিশ্বনাথ জিলাৰ উদ্যোগত অসম গাঁওৰক্ষী সংগঠনৰ ৭২ তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় বিশ্বনাথ জিলাৰ বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপৰ কাছাৰী ময়দানত। সম্পূৰ্ণ বিশ্বনাথ জিলাৰ ৫৭৪ খন কমিটিৰ ২০০০ সদস্যক সামৰি অনুষ্ঠিত হয় এক বৰ্নাঢ্য কাৰ্যসূচী।

গাঁওৰক্ষী সংগঠনৰ ৭২ তম প্ৰতিষ্ঠা দিৱস উপলক্ষে বুধবাৰে পুৱাৰ ভাগত পতাকা উত্তোলন কৰি বিশ্বনাথ চাৰিআলিৰ মাজমজিয়াত এক সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হয়। বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত পুৱা পতাকা উত্তোলন কৰে বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং। ইয়াৰ পিছত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা গাওঁৰক্ষি বাহিনীৰ কৰ্মী সকলে বিশ্বনাথ চাৰিআলি মাজমজিয়াত এক সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত কৰে। পৰবৰ্তী সময়ত মুল কাৰ্যসূচী হিচাপে অনুষ্ঠিত হোৱা মুকলি সভা অনুস্থানত উপস্থিত থাকে বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিহালীৰ সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্ত, অসম পণ্যগাৰ নিগমৰ অধ্যক্ষ দিগন্ত ঘাটোৱাৰ, বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, অসম বীজ নিগমৰ অধ্যক্ষ তথা প্ৰাক্তন বিধায়ক প্ৰবিণ হাজৰিকা, অসম পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্টৰায়সহ বহু কেইজন বিশিষ্ট ব্যক্তি।

অনুষ্ঠানত জিলাখনৰ কেইবাখনো আৰক্ষী থানাৰ অন্তৰ্গত একাদিক ক্ৰমে বহু বছৰ ধৰি সেৱা আগবঢ়ায় অহা বয়স্ক গাঁওৰক্ষি বাহিনীৰ ৬ গৰাকীকৈ সদস্যক মানপত্ৰ প্ৰদান কৰাৰ লগতে ভাল ফলাফল দেখুওৱা পুৰুষ মহিলা উভয়ে সৰ্বমুঠ ১২ জনকৈ মহিলা পুৰুষক মানপত্ৰৰে সন্মানিত কৰা হয়।