দিল্লী 

২৭ জানুৱাৰী

গণৰাজ্য দিৱসৰ দিনাই দিল্লীত সৃষ্টি হৈছিল এক অভাৱনীয় পৰিৱেশ। কৃষি আইনৰ বিৰোধিতা কৰি দিল্লীৰ ৰাজপথলৈ লাখ লাখ ট্ৰেক্টৰ লৈ ওলাই আহিছিল কৃষক সকল। প্ৰথম পৰ্যায়ত শান্তিপূৰ্ণ ট্ৰেক্টৰ ৰেলী কিছু সময় পিছতে ভয়াবহ ৰূপ ধাৰণ কৰিছিল। দিল্লীৰ ৰাজপথ পৰিণত হৈছিল এক যুদ্ধক্ষেত্ৰলৈ। লণ্ডভণ্ড হৈছিল ৰাজহুৱা সম্পত্তিৰ লগতে ব্যক্তিগত সম্পত্তি। নিহত হৈছিল এজন কৃষক, আহত বহু কৃষকৰ লগতে আৰক্ষীৰ লোক।

গণৰাজ্য দিৱসৰ দিনাই দিল্লীত যি এক দৃশ্য দেখিবলৈ পোৱা গ’ল ইয়াক লৈ দেশজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। দুমাহ ধৰি শান্তিপূৰ্ণভাৱে কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা কৃষকৰ আন্দোলন ট্রেক্টৰ ৰেলীৰ পিছতে ভয়াবহ ৰূপ ধাৰণ কৰে। আৰক্ষীৰ বেৰিকেড ভাঙি আগুৱাই যোৱা কৃষকৰ ট্ৰেক্টৰ ৰেলীক বাধা প্ৰদান কৰিবলৈ আৰক্ষীয়ে লাঠি চালনা কৰাৰ লগতে কন্দুৱা গেছ প্ৰয়োগ কৰিবলৈ বাধ্য হয়। দিনটোৰ আৰম্ভণিত জ্বলি উঠে দিল্লীৰ ৰাজপথ।

প্ৰতিবাদী কৃষক সকলে সকলো বাধা নেওচি লালকিল্লা দখল কৰে। দিল্লীৰ এই হিংসাত্মক ঘটনাৰ পিছতে দিল্লী আৰক্ষীয়ে তৎপৰতাৰে হিংসাত্মক ঘটনাৰ লগত জড়িত ব্যক্তি সকলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰি বুধবাৰে ২০০ জন লোকক আটক কৰে। ইতিমধ্যে দিল্লীৰ হিংসাত্মক ঘটনা সন্দৰ্ভত ২২ টাকৈ গোচৰ ৰুজু কৰা হৈছে। কৃষক আন্দোলনৰ লগত জড়িত কেইবাগৰাকী কৃষক নেতাৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছে।