কুন্দন ভৰালী

নগাঁও

২৮ জানুৱাৰী

অহা মাহৰ পৰা নগাঁৱত বন্ধ হ’ব পাৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ চাউল বিতৰণ। নগাঁও জিলা সমবায় সমিতি সন্থাৰ কঠোৰ সিদ্ধান্ত। চৰকাৰে আদায় দিয়া নাই সমবায়ৰ কমিছনৰ ৩৭ কোটি টকা।

অহা মাহৰ পৰা নগাঁৱত বন্ধ হ’ব পাৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ চাউল বিতৰণ। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৪ জৰিয়তে সুলভ চাউল বিতৰণ ব্যৱস্থা কৰা হৈছিল যদিও নগাঁও জিলাত কেন্দ্ৰীয় চৰকাৰৰ এই বৃহৎ আঁচনি বন্ধ হোৱাৰ উপক্ৰম ঘটিছে। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ অংশৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ চাউল বিতৰণৰ বাবদ সমবায় সমিতিসমূহক কমিছনৰ লগতে চাউল কঢ়িওৱাৰ বাবে ধন নিয়মীয়াকৈ আদায় দিব লাগে যদিও নগাঁৱত বিগত আঠ মাহে সমবায় সমিতিসমূহে লাভ কৰা নাই কমিছনৰ প্ৰাপ্য ধন। কেৱল এয়াই নহয় কমিছনৰ লগতে পৰিবহন ব্যয়ৰ ধনো আদায় দিয়া নাই চৰকাৰে সমবায় সমিতিসমূহক। নগাওঁ জিলাৰ সমবায় সমিতিতসমূহৰ কমিছনাৰ বাবদ চৰকাৰে আদায় দিয়া নাই প্ৰায় ৩৭ কোটি টকা। বৃহস্পিতিবাৰে নগাঁৱস্থিত অসম সমবায় ফেডাৰেচনৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সভাত গঠন কৰা হয় নগাঁও জিলা সমবায় সমিতিসমূহৰ সমন্বয়ৰক্ষী সমিতি।

বৃহস্পতিবাৰে সমবায় সমিতিসমূহৰ সমন্বয়ৰক্ষী
সমিতি গঠন কৰিয়েই সমন্বয়ৰক্ষী সমিতিয়ে গ্ৰহণ কৰিছে কঠোৰ সিদ্ধান্ত। খাদ্য সুৰক্ষা যোজনাৰ কমিছনৰ পাবলগীয়া বৃহৎ ধন আদায় নিদিলে অহা মাহৰ পৰা চাউল বিতৰণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নগাঁও জিলা সমবায় সমিতি সমন্বয়ৰক্ষী সমিতিয়ে।