গুৱাহাটী
৩ মে’

পুনৰ এবাৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ দলসমূহৰ প্ৰাৰ্থীসকলক অকুণ্ঠ সমর্থনেৰে বিপুল ভােটত জয়যুক্ত কৰি ৰাজ্যৰ শাসনভাৰ অর্পণ কৰাৰ বাবে জাতি-ধর্ম-ভাষা বর্ণ নির্বিশেষে বৰাক-ব্ৰহ্মপুত্র-পাহাৰ-ভৈয়ামৰ প্ৰতিগৰাকী নাগৰিককে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে। বিগত সময়ছােৱাত চৰকাৰখনলৈ আগবঢ়োৱা সহযােগিতাৰ বাবে মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ প্ৰতিগৰাকী শিল্পী, সাহিত্যিক, সাংবাদিক, ক্রীড়াবিদ, শিক্ষাবিদৰ লগতে কৰ্মচাৰী সমাজৰ প্ৰতিগৰাকী সদস্যলৈও আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।

মুখ্যমন্ত্ৰীয়ে কয় যে, মূলতঃ চাৰিটা কাৰণৰ বাবে ৰাজ্যবাসীয়ে অসমত পুনৰবাৰ বিজেপি নেতৃত্বাধীন চৰকাৰ গঠনৰ দিশত সৱল জনমত প্রদান কৰিলে। তাৰে প্ৰথমটো কাৰণ হৈছে বিগত পাঁচবছৰীয়া কার্যকালত ৰাজ্যখনৰ সর্বস্তৰত সাধিত হােৱা ব্যাপক উন্নয়ন আৰু প্ৰতিটো খণ্ডৰ বিকাশ। দ্বিতীয়তে, চৰকাৰখনে প্রতিশ্রুতি অনুসৰি এখন দুর্নীতিমুক্ত, বিদেশীমুক্ত, প্ৰদূষণমুক্ত অসম গঢ়াৰ বাবে যি নিষ্ঠাৰে কাম কৰিলে, ৰাইজ তাত সন্তুষ্ট। তৃতীয়তে ৰাজ্যখনৰ দুয়ােটা উপত্যকা আৰু পাহাৰীয়া জিলাকেইখনত বসবাস কৰা প্ৰতিটো সৰু-বৰ জাতি-জনগােষ্ঠীৰ মাজত সমন্বয় আৰু শান্তিৰ বাতাৱৰণ অক্ষুন্ন ৰখাত চৰকাৰখন সফল হৈছে। চতুর্থ তথা অন্যতম গুরুত্বপূর্ণ কাৰণটো হৈছে নামনি অসমকে ধৰি অসমৰ বহুকেইখন জিলাৰ জনগাঁথনিলৈ অহা ব্যাপক পৰিৱৰ্তন।

ৰাজ্যৰ খিলঞ্জীয়া জনসাধাৰণে এই কথা উপলব্ধি কৰিলে যে ৰাজ্যখনৰ মাটি-ভেটি সুৰক্ষিত কৰিবলৈ হ’লে বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ কোনাে বিকল্প নাই। সেয়েহে জনসাধাৰণে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্রতি অকুণ্ঠ সমর্থন ব্যক্ত কৰিলে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। ইয়াৰ বাবে মুখ্যমন্ত্রীয়ে অসমৰ জনসাধাৰণলৈ বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰে। এক গতিশীল নেতৃত্ব আৰু মার্গদর্শনেৰে বিগত ৫ বছৰে মিত্ৰজোঁটৰ ৰাজ্য চৰকাৰখনক সকলাে সময়তে অকুণ্ঠ সহযােগিতা আগবঢ়াই অহা প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ প্ৰতি মুখ্যমন্ত্ৰীয়ে গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ লগতে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডক ধন্যবাদ জনায়। তেওঁলােকৰ বলিষ্ঠ নেতৃত্ব আৰু সহযােগিতাৰ বাবে তেওঁ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে। সেইদৰে নিৰ্বাচনৰ সময়ত ৰাজ্যখনলৈ আহি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ সপক্ষে নির্বাচনী প্রচাৰ চলােৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে কেন্দ্রীয় প্রতিক্ষা মন্ত্রী ৰাজনাথ সিং, কেন্দ্রীয় পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ মন্ত্রী নিতিন গাডকাৰী, কেন্দ্রীয় জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্রী অর্জুন মুণ্ডা, কেন্দ্রীয় বস্ত্রমন্ত্রী স্মৃতি ইৰাণী, মধ্য প্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহান, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যােগী আদিত্যনাথ, মহাৰাষ্ট্ৰৰ প্রাক্তন মুখ্যমন্ত্রী দেৱেন্দ্ৰ ফাড়নবিছ, ছত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী ড° মন সিং, ৰাষ্ট্রীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ আৰু মনােজ তিৱাৰীকো আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। এইবাৰৰ নিৰ্বাচনৰ বাবে কেন্দ্রীয় পর্যবেক্ষক হিচাপে ৰাজ্যখনত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা, কেন্দ্রীয় কৃষি মন্ত্রী তথা নির্বাচনৰ দলৰ প্ৰভাৰী নৰেন্দ্র সিং টোমৰ, ডনাৰ মন্ত্রী তথা নির্বাচনী সহ-প্রভাৰী ড° জিতেন্দ্র সিং, ৰাষ্ট্রীয় উপ-সভাপতি তথা প্রভাৰী বৈজয়ন্ত জয় পাণ্ডা আৰু সহ-প্রভাৰী পৱন শর্মাক বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে।

অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি এইবাৰৰ নির্বাচন সুচাৰুৰূপে পৰিচালনাৰে দলৰ পক্ষত বিপুল বিজয় সাব্যস্ত কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস, ৰাষ্ট্রীয় সাধাৰণ সম্পাদক তথা লােকসভাৰ সাংসদ দিলীপ কুমাৰ শইকীয়া, বিজেপিৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্রনাথ শৰ্মাৰ লগতে দলৰ বিষয়ববীয়াসকলকো ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে। দলৰ এই বিপুল বিজয়ৰ বাবে একে সময়তে তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতিৰ সকলাে সদস্য, জিলা সমিতিৰ বিষয়ববীয়াসকল, বিজেপিৰ বিভিন্ন মৰ্চাৰ সভাপতি-সম্পাদক প্রমুখ্যে বিষয়ববীয়াসকল, বুথ কমিটিসমূহ, শক্তিকেন্দ্রসমূহ আৰু পৃষ্ঠাপ্রমুখসকলৰ লগতে সমূহ কার্যকর্তালৈও আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।