যোৰাবাট

৪ মে’

যোৰাবাটত কেঁকো সাপসহ জালত পৰিল দুই সৰবৰাহকাৰী। আৰক্ষীৰ অভিযানত চাৰিটাকৈ কেঁকো সাপসহ জালত পৰে দুই সৰবৰাহকাৰী। এক গোপন খবৰৰ ভিত্তিত যোৰাবাট আৰক্ষীয়ে চলাইছিল অভিযান। যোৰাবাটৰ পৰা খানাপাৰা লৈ কেঁকো সাপ কেইটা নিয়াৰ পথত আৰক্ষীয়ে আটক কৰে সৰবৰাহকাৰী দুজনক।

বিগত সময়ছোৱাত ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পাইছে কেঁকো সাপৰ সৰবৰাহ। বন্যপ্ৰাণী সৰবৰাহকাৰী চক্ৰই অসমৰ বিভিন্ন প্ৰান্তত পৰা কেঁকো সাপ বহিঃৰাজ্যলৈ সৰবৰাহ কৰি থকাৰ খবৰ বিভিন্ন সময়ত সংবাদ মাধ্যমত প্ৰকাশ পাই আহিছে। বন বিভাগ আৰু আৰক্ষীয়ে অভিযান চলাই বিভিন্ন সময়ত কেঁকো সাপ উদ্ধাৰ কৰাৰ লগতে বহু সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে যদিও বৰ্তমানেও এই চক্ৰ সক্ৰিয় হৈ থকা দেখিবলৈ পোৱা যায়। মঙলাবাৰে মহানগৰী গুৱাহাটীৰ সমীপৱৰ্তী যোৰাবাটত আৰক্ষীয়ে এক অভিযান চলাই চাৰিটাকৈ কেঁকো সাপ উদ্ধাৰ কৰাৰ লগতে দুজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। যোৰাবাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাণা ভূঁইয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে এক গোপন খবৰৰ ভিত্তিত খানাপাৰাত অভিযান চলাই দুজন সৰবৰাহকাৰীক আটক কৰাৰ লগতে সৰবৰাহকাৰী দুজনৰ কবলৰ পৰা চাৰিটা কেঁকো সাপ উদ্ধাৰ কৰে।

যোৰাবাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাণা ভূঁইয়াই জানিবলৈ দিয়া মতে ৰফিক আলী আৰু চামচু লামা নামৰ লোক দুজনৰ যোৰাবাটৰ পৰা খানাপাৰালৈ কেঁকো সাপ চাৰিটা নিয়াৰ পথত আৰক্ষীয়ে অভিযান চলাই সৰবৰাহকাৰী দুজনক আটক কৰি কেঁকো সাপ কেইটা উদ্ধাৰ কৰে। আৰক্ষীয়ে সৰবৰাহকাৰী দুজনৰ লগতে কেঁকো সাপ কেইটা বন বিভাগক গতাই দিছে। বন বিভাগে অধিক তথ্যৰ বাবে সৰবৰাহকাৰী দুজনক জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।