ইয়াছিন আলী

বঙাইগাঁও

২৮ অক্টোবৰ

ৰাজ্যৰ জৰাজীৰ্ণ বাট পথ আৰু দলং জলাকলা খুৱাইছে ৰাজ্যবাসীক। ৰাষ্ট্ৰীয় ঘাইপথেই হওক বা ভিতৰুৱা অঞ্চলৰ পথ, যাতায়তৰ ক্ষেত্ৰত বেছিভাগ পথতেওই যমৰ যাতনা ভুগিব লগা হৈছে ৰাইজ। ইয়াৰ মাজতে দলং সমূহৰ দুৰৱস্থাৰ বাবে নিতৌ সংঘটিত হোৱা দেখিবলৈ পোৱা যায় দুৰ্ঘটনা।

বুধবাৰে জৰাজীৰ্ণ দলং বাবে বঙাইগাঁও জিলাৰ নাম্বাৰপাৰাত পুনৰ সংঘটিত হয় এক দুৰ্ঘটনা। জিলাখনৰ ৩৪ নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত নাম্বাৰপাৰা তৃতীয় খণ্ড বজাৰৰ উত্তৰফালে থকা কাঠৰ দলংৰ পৰা এজন বাইক চালকে ঠেলি ঠেলি বাইক লৈ যোৱাৰ সময়ত দ খাৱৈত বাইকসহ পৰি যোৱাত অঞ্চলটোৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। দলংখনৰ ৰেলিং আৰু সংযোগী পথ নিৰ্মাণ নকৰাৰ বাবে দূৰ্ঘটনা সংঘটিত হয় বুলি ৰাইজে অভিযোগ কৰে। প্ৰায়ে দুৰ্ঘটনা সংঘটিত হোৱা দলংখনৰ ৰেলিং আৰু সংযোগী ৰাস্তা অতি শীঘ্ৰে নিৰ্মাণ কৰিবলৈ দাবী জনাই স্থানীয় ৰাইজে।

বাইকসহ দলংৰ পৰা দ খাৱৈত পৰি যোৱা যুৱকজনক স্থানীয় ৰাইজে খাৱৈৰ পৰা উদ্ধাৰ কৰে। যুৱকজন কিছু পৰিমানে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে বাইকখনৰো ক্ষতিসাধন হয়।