আনিছুৰ আলী

গৌৰীপুৰ

৫ ফেব্ৰুৱাৰী

অসম ৰাজ্যিক কর্মী আৰু সহায়িকা সন্থাৰ ধুবুৰী জিলা সমিতিৰ অধিবেশন। অধিবেশনত ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা অসম ৰাজ্যিক কর্মী সহায়িকা সন্থাৰ সভানেত্ৰী জয়মতী দাসৰ। চৰকাৰখনে কেৱল পুঁজিবাদী মানুহক গুৰুত্ব দিয়ে। চাকৰি নিয়মীয়া কৰা, প্ৰাপ্য মজুৰী আদায় দিয়া, পেঞ্চনৰ ব্যৱস্থা কৰাৰ দাবীৰ লগতে যুদ্ধকালীন আন্দোলনৰ হুংকাৰ অসম ৰাজ্যিক কর্মী সহায়িকা সন্থাৰ সভানেত্ৰী জয়মতী দাসৰ।চৰকাৰে পুঁজিবাদী অনিল আম্বানী, আদানীৰ কথাত উঠা বহা কৰে বুলিও মন্তব্য কৰে অসম ৰাজ্যিক কর্মী সহায়িকা সন্থাৰ সভানেত্ৰী জয়মতী দাসে।

ধুবুৰীত অসম ৰাজ্যিক কর্মী আৰু সহায়িকা সন্থাৰ ধুবুৰী জিলা সমিতিৰ অধিবেশন অনুষ্ঠিত হয়। জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা অহা অংগনাৱাড়ী কৰ্মী সহায়িকা সকলে অংশগ্ৰহণ কৰে অধিবেশনত। অধিবেশনত অসম ৰাজ্যিক কর্মী সহায়িকা সন্থাৰ সভানেত্ৰী জয়মতী দাসে কয় যে অসমৰ যিমানবোৰ অংগনৱাড়ী কৰ্মী সহায়িকা আছে সকলোৰে পৰিয়াল জীয়াতু ভুগিবলগীয়া হৈছে। আমাৰ চাকৰি নিয়মীয়া কৰা, প্ৰাপ্য মজুৰী আদায় দিয়া, পেঞ্চনৰ ব্যৱস্থা কৰা আদি বহু সমস্যাৰ বিষয়ে অসম চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ এই অধিবেশন জৰিয়তে দাবী জনায় অসম ৰাজ্যিক কর্মী সহায়িকা সন্থাৰ সভানেত্ৰী জয়মতী দাসে।চৰকাৰে তেওঁলোকে সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰিলে পৰবৰ্তী সময়ত এক যুদ্ধকালীন আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সভানেত্ৰী গৰাকীয়ে।

অসম ৰাজ্যিক কর্মী সহায়িকা সন্থাৰ সভানেত্ৰী জয়মতী দাসে কয় যে বিজেপি চৰকাৰখনে অকল পুঁজিবাদী মানুহক গুৰুত্ব দিয়ে। কেৱল পুঁজিবাদী অনিল আম্বানী, আদানীৰ কথামতে এই চৰকাৰখনে উঠা বহা কৰে। আনহাতে এই চৰকাৰখনে আমাকলৈ নির্বাচনী বৈতৰাণী পাৰ হ’বলৈ চেষ্টা কৰি আছে।ৰজাঘৰীয়া সকলে এক সাম্প্ৰদায়িক ৰাজনীতি কৰি নতুন নাটক আৰম্ভ কৰিছে। আমাক এনেকুৱাকৈ ৰাখিছে যে আমি এতিয়া ৰক্তহীনতাত ভুগি থাকিব লাগিব বুলিও মন্তব্য কৰে সভানেত্ৰী গৰাকীয়ে।