জোনমণি বেগম

বিশ্বনাথ

৫ ফেব্ৰুৱাৰী

বিশ্বনাথত ৰাইজৰ দলৰ কাৰ্যালয় শুভ উদ্ধোধন। বিশ্বনাথ জিলাৰ বিশ্বনাথ ঘাট ৰোডত পৌৰ সভাৰ সমিপত আনুষ্ঠানিকভাৱে ৰাইজৰ দলৰ বিশ্বনাথ সমষ্টি সমিতিৰ কাৰ্যালয় শুভ উদ্ধোধন কৰা হয়।

ৰাইজৰ দলৰ কাৰ্যালয় উদ্ধোধন কৰে ৰাইজৰ দলৰ বিশ্বনাথ জিলাৰ সভাপতি সূৰ্য বৰাই। শ্বহীদ তৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে ৰাইজৰ দলৰ বিশ্বনাথ সমষ্টিৰ সমিতিৰ সভাপতি গুবিন্দ নাথ আৰু কাৰ্যকৰী সভাপতি ভৱানন্দ শইকীয়াই। কাৰ্যালয় শুভ উদ্ধোধনী সভাত মন্তব্য ৰাখে ৰাইজৰ দলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰঞ্জিত দত্ত, সংখ্যালঘূ মৰ্চাৰ জিলা সভাপতি ছফিকুল ইছলাম, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন কেন্দ্ৰীয় উপ-সভাপতি তৰুণ শৰ্মাই। কাৰ্যালয় উদ্ধোধনী অনুষ্ঠনাত অংশগ্ৰহণ কৰা ৰাইজৰ দলৰ নেতা সকলে অনুষ্ঠানত উপস্থিত থকা ৰাইজক নিজে নিজে নিজৰ দেশ তথা ৰাজ্যক বিজেপি চৰকাৰৰ পৰা পৰিত্ৰান বিচাৰি উলাই অহাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে ৰাইজৰ দলৰ নেতা অখিল গগৈক যদিও জেলৰ ভিতৰত ভৰাই ৰাখিছে তথাপি ৰাইজৰ দলৰ প্ৰতিজন সদস্যই এই দলটোক আগুৱাই নিবলৈ সক্ষম হৈছে।

ৰাইজৰ দলৰ নেতা সকলে আনাগত সময়ত ৰাজ্যত ৰাইজৰ দলৰ নেতৃত্বতে চৰকাৰ গঠন হ’ব বুলি মন্তব্য প্ৰদান কৰাৰ লগতে কয় যে ৰাজ্যৰ আন আন স্থানৰ লগতে বিশ্বনাথতো শক্তিশালী ৰূপত ৰাইজৰ দলৰ জিলা সমিতি গঠন কৰাৰ লগতে জিলাখনৰ সাংগঠানিক কাম কাজো শক্তিশালী কৰিবলৈ আমি সক্ষম হৈছো। অনুষ্ঠানত দুই শতাধিক লোক উপস্থিত থাকে আৰু লগতে বিশ্বনাথ সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহু বিশিষ্ট ব্যক্তিয়ে ৰাইজৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে।