আমিনুৰ ৰহমানৰ সহযোগত খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ
৬ ফেব্ৰুৱাৰী

শিৱসাগৰত শুকুৰবাৰে নিশা সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি। এগৰাকী ট্ৰাক চালকৰ হত্যাৰ অভিযোগ কেন্দ্ৰ কিৰ নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। হত্যাকাণ্ডত জড়িত ট্ৰাক উদ্ধাৰক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে একাংশ ৰাইজে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ট্ৰাকখনৰ চালক বুলবুল বৰদলৈক আটক কৰে ৷

উল্লেখ্য যে বুধবাৰে শিৱসাগৰ জিলাৰ দিচাং ৰজাবাৰীত পৰিকল্পিতভাৱে ৩ জন ট্ৰাক চালকে ইমামুল হুছেইন নামৰ অন্য এজন ট্ৰাক চালকক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছিল৷ ভাৰতীয় খাদ্য নিগমৰ চাউল কঢ়িওৱা ট্ৰাকৰ চালক আছিল ইমামুল হুছেইন। ইমামুল হুছেইনক হত্যাৰ পিছত হত্যাকাৰী ট্ৰাক চালক কেইজনে দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা চলাইছিল বুলিও অভিযোগ উথাপিত হৈছে। ইমামুল হুছেইনৰ পৰিয়ালৰ লোকে ইমামুল হুছেইনক হত্যা কৰাৰ অভিযোগত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ২৬ ২৬/২৬ নম্বৰৰ গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি ৩০২ ধাৰাৰ অধীনত তদন্ত আৰম্ভ কৰিছে। ইমামুল হুছেইনৰ হত্যাকাণ্ডত জড়িত থাকৰ অভিযোগত চাৰিখন ট্ৰাকৰ চালকৰ ভিতৰত শুকুৰবাৰে নিশা ১০ বজাত এএছ-০১-দিদি-১৬২৭ নম্বৰৰ ট্ৰাকখন লুকুৱাই থোৱা অৱস্থাত ৰাইজে উদ্ধাৰ কৰাৰ পিছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

শিৱসাগৰ চহৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছত উদ্ধাৰ হয় ট্ৰাকখন। আৰক্ষীয়ে ট্ৰাকখনৰ লগতে চালক বুলবুল বৰদলৈৰ আৰু অন্য অভিযুক্ত হৰিকান্ত গগৈ, ললিত গগৈক জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে৷