গুৱাহাটী

৬ নৱেম্বৰ

অষ্ট্ৰেলিয়া আৰু দক্ষিণ আমেৰিকাৰ দুষ্প্ৰাপ্য বন্যপ্ৰাণীয়ে বংশবৃদ্ধি কৰিব অসম ৰাজ্যিক চিৰিয়াখানাত। চিৰিয়াখানাৰ প্ৰজনন কেন্দ্ৰত ৰাখি বিশ্বৰ সবাতোকৈ দীঘল ভাটৌ চৰাই আৰু বান্দৰ প্ৰজাতিৰ ভিতৰত আটাইতকৈ বুদ্ধিয়ক বান্দৰক প্ৰজননৰ চেষ্টা চিৰিয়াখানা কৰ্তৃপক্ষৰ। চোৰাং চিকাৰীৰ কবলৰ পৰা জব্দ কৰা হৈছিল অষ্ট্ৰেলিয়া আৰু দক্ষিণ আমেৰিকাৰ এই সমূহ দুষ্প্ৰাপ্য বন্যপ্ৰাণী।

চিৰিয়াখানাৰ প্ৰজনন কেন্দ্ৰত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই মুকলি কৰিলে দুষ্প্ৰাপ্য প্ৰজাতিৰ ৬ টা হাইচিণ্ট মাকাউ প্ৰজাতিৰ ভাটৌ চৰাই আৰু ২ টা কেপ’চিন বান্দৰ। তিনিমাহ ধৰি চিৰিয়াখানাত পশু চিকিৎসকৰ দলে নিৰীক্ষণ চলাই শুকুৰবাৰে চিৰিয়াখানাৰ প্ৰজনন কেন্দ্ৰত বিশেষেভাৱে নিৰ্মাণ কৰা গৰালত মুকলি কৰি দিয়ে হাইচিণ্ট মাকাউ প্ৰজাতিৰ ভাটৌ চৰাই আৰু কেপ’চিন বান্দৰ।

অসম ৰাজ্যিক চিৰিয়াখানাত থকা বন্যপ্ৰাণী প্ৰজনন কেন্দ্ৰত এইবাৰ প্ৰজননৰ বাবে অনা হ’ল দুষ্প্ৰাপ্য হাইচিণ্ট মাকাউ প্ৰজাতিৰ ভাটৌ চৰাই আৰু কেপ’চিন বান্দৰ। পৃথিৱীৰ ভিতৰতে সবাতোকৈ দীঘল ভাটৌ চৰাই হাইচিণ্ট মাকাউ প্ৰজাতিৰ ভাটৌ চৰাই আৰু বান্দৰ প্ৰজাতিৰ ভিতৰত আটাইতকৈ বুদ্ধিয়ক বান্দৰ হিচাপে জনাজাত কেপ’চিন বান্দৰ এতিয়া অসম ৰাজ্যিক চিৰিয়াখানাৰ আলহী হ’ল। বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই শুকুৰবাৰে এই দুষ্প্ৰাপ্য বন্যপ্ৰাণী দুটাৰ বংশবৃদ্ধিৰ উদ্দেশ্যে চিৰিয়াখানাৰ প্ৰজনন কেন্দ্ৰত মুকলি কৰিলে।

চিৰিয়াখানাৰ প্ৰজনন কেন্দ্ৰত বিশেষভাৱে নিৰ্মাণ কৰা গৰালত থাকিব ৬ টাকৈ হাইচিণ্ট মাকাউ প্ৰজাতিৰ ভাটৌ চৰাই আৰু ২ টা কেপ’চিন বান্দৰ। প্ৰজননৰ বাবে অনা এই দুষ্প্ৰাপ্য বিদেশী বন্যপ্ৰাণীৰ প্ৰজাতি দুটাৰ সকলো গতিবিধি ২৪ ঘণ্টাই নিৰীক্ষণ কৰাৰ উদ্দেশ্যে গৰালত সংস্থাপন কৰা হৈছে চি চি টিভি কেমেৰা। বিদেশী বন্যপ্ৰাণীৰ প্ৰজাতি দুটা যিহেতু এক বিশেষ পৰিৱেশ মাজত থাকে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি চিৰিয়াখানাৰ কৰ্তৃপক্ষই হাইচিণ্ট মাকাউ প্ৰজাতিৰ ভাটৌ চৰাই আৰু কেপ’চিন বান্দৰ থাকিব পৰা অনুৰূপ ধৰণৰ পৰিৱেশ গঢ়ি তোলাৰ চেষ্টা কৰিছে গৰালৰ ভিতৰচৰাত।

উল্লেখ্য যে তিনিমাহ পূৰ্বে কাছাৰ বন বিভাগে সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰিছিল অষ্ট্ৰেলিয়া আৰু দক্ষিণ আমেৰিকাৰ বহু বন্যপ্ৰাণী। মিজৰামৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এখন বাহনৰ পৰা উদ্ধাৰ কৰা হৈছিল বন্যপ্ৰাণী সমূহ। কাছাৰ বন বিভাগে সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰা অষ্ট্ৰেলিয়া আৰু দক্ষিণ আমেৰিকাৰ বন্যপ্ৰাণী সমূহৰ ভিতৰত আছিল ১ টা কেংগেৰু, ৬ টা হাইচিণ্ট মাকাউ প্ৰজাতিৰ ভাটৌ চৰাই, ৩ টা কাছ আৰু ২ টা কেপ’চিন বান্দৰ।