ৰঙিয়া

৬ নৱেম্বৰ

ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ পক্ষত এইবাৰ মন্ত্ৰী ভবেশ কলিতা। অৰ্ণৱ গোস্বামীৰ পক্ষত মন্তব্য প্ৰকাশ কৰি অন্য চেনেল সমুহক অপমান কৰিলে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাই। অৰ্ণৱ গোস্বামী ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক হয়, আল্টু-ফাল্টু চেনেলৰ সম্পাদক নহয় বুলি মন্তব্য ভবেশ কলিতাৰ।

বিগত কিছুদিন ধৰি সংবাদ শিৰোনামা দখল কৰি ৰখা বিষয়টো হৈ মুম্বাই আৰক্ষীয়ে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰা খবৰটো। মুম্বাই আৰক্ষীয়ে অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰা কাৰ্যক এফালে যদি একাংশই সমৰ্থন জনাই মুম্বাই আৰক্ষীৰ শলাগ লৈছে আনফালে একাংশই আকৌ মুম্বাই আৰক্ষীৰ ভূমিকাক তীব্ৰ সমালোচনা কৰি অৰ্ণৱ গোস্বামীৰ পক্ষত থিয় হৈছে। বিশেষকৈ বিজেপি চৰকাৰৰ মন্ত্ৰী-বিধায়ক অৰ্ণৱ গোস্বামীৰ পক্ষত থিয় দি মুম্বাই আৰক্ষীৰ লগতে মহাৰাষ্ট্ৰ চৰকাৰ আৰু কংগ্রেছ দলক তীব্ৰ সমালোচনা কৰিছে। দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰৰ বিৰোধী কৰাৰ সমান্তৰালে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰক এগণতান্ত্ৰিক বুলি আখ্যা দিছে।

এইবাৰ ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ পক্ষত থিয় দি ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাই অন্য চেনেল সমুহক অপমান কৰিলে। ৰঙিয়াত সাংবাদিকৰ আগত ভবেশ কলিতাই অৰ্ণৱ গোস্বামীক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ সন্দৰ্ভত অদ্ভুত মন্তব্য প্ৰকাশ কৰি কয় যে অৰ্ণৱ গোস্বামী ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক হয়, আল্টু-ফাল্টু চেনেলৰ সম্পাদক নহয়। দেশৰ খ্যাতনামা চেনেলৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক যিকোনো পৰিস্থিতিত মুকলি কৰিবলৈও দাবী জনায় জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাই। এগৰাকী সম্পাদকৰ পক্ষত থিয় দি অন্য চেনেল সমুহক এইদৰে অপমান কৰিলে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাই। মন্ত্ৰী ভবেশ কলিতাৰ এই মন্তব্যক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখ্য যে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক বুধবাৰে পুৱা মুম্বাই আৰক্ষীয়ে তেওঁৰ মুম্বাইস্থিত বাসগৃহত উপস্থিত হৈ গ্ৰেপ্তাৰ কৰিছিল। মুম্বাই আৰক্ষীয়ে ২০১৮ চনৰ এক আত্মহত্যাৰ গোচৰৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছিল অৰ্নৱ গোস্বামীক। আত্মহত্যাৰ বাবে প্ৰৰোচনা কৰাৰ অভিযোগত ভাৰতীয় দণ্ডবিধি আইনৰ ৩০৬ ধাৰাৰ অধীনত ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক গৰাকীক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে বিভিন্ন মহলত সৃষ্টি হৈছিল। প্ৰতিক্ৰিয়াৰ। বৃহস্পতিবাৰে মুম্বাই আৰক্ষীয়ে অৰ্ণৱ গোস্বামীক আদালতত হাজিৰ কৰাত আদালতে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক গৰাকীক ১৪ দিনৰ ন্যায়িক জিম্মাত প্ৰেৰণ কৰে।