সুৰেণ বুঢ়াগোঁ‌হাই

চৰাইদেউ

৫ নৱেম্বৰ

অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ। মূল্যবৃদ্ধি নিয়ন্ত্ৰণত মুখ্যমন্ত্ৰী আৰু যোগান মন্ত্ৰী সম্পুৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ। অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ সোণাৰি কাৰ্য‍্যলয়ৰ সন্মুখত মুখ্যমন্ত্ৰী আৰু যোগান মন্ত্ৰীৰ প্ৰতিমূৰ্ত্তি দাহ।

মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিৰোধী ৰাজনৈতিক দল সমূহৰ লগতে বিভিন্ন দল-সংগঠনে ৰাজপথ উত্তাল কৰি ৰাখিছে যদিও নিয়ন্ত্ৰিত হোৱা নাই বজাৰৰ জুই। বিগত কিছুদিন ধৰি মূল্যবৃদ্ধিৰ বিৰুদ্ধে অব্যাহত থকা ধাৰাবাহিক প্ৰতিবাদে ৰাজ্য চৰকাৰখনক অতিষ্ঠ কৰি তোলাৰ মাজতে বৃহস্পতিবাৰে ৰাজ্যজুৰি আমছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ সদৰ সোণাৰিত অসম জাতীয়তাবাদী যুৱ পৰিষদে খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হোৱা শাষণাধিষ্ঠ চৰকাৰখনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু যোগান মন্ত্ৰী ফণী ভুষন চৌধুৰীৰ প্ৰতিমূৰ্ত্তি দাহ কৰে। প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ হায়, হায়,অসম চৰকাৰ হায়, হায়, যোগান মন্ত্ৰী হায়, হায় আদি বিভিন্ন শ্ল’গানেৰে সোণাৰিৰ আকাশ বতাহ উত্তাল কৰি তোলে। উল্লেখ্য যে বজাৰত বৰ্তমান আলু প্ৰতি কেজিত ৪০ টকা আৰু পিয়াঁজ প্ৰতি কেজিত ৮০ টকা হোৱাৰ পিছতো শাষণাধিষ্ঠ চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হৈছে।

খাদ্য সমগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ ফলত সাধাৰণ জনতাই জীয়াতু ভোগিবলগা হৈছে। সাধাৰণ জনতাই কেনেকৈ ইমান ৪০ টকা কেজি আলু আৰু ৮০ টকা কেজি পিয়াঁজ ক্ৰয় কৰি পৰিয়াল পোহপাল দিব বুলি প্ৰশ্ন উত্থাপন কৰে জাতীয়তাবাদী যুৱ পৰিষদৰ বিষয়ববীয়া সকলে। বিজেপি চৰকাৰে জনসাধাৰণক মাধমাৰ দিছে বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে।