নেকিব আহমেদ

যোৰহাট

২৫ মে’

সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটতো অব্যাহত আছে ক’ভিডৰ সংহাৰী ৰূপ। জিলাখনত প্ৰতিদিনে নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে শতাধিক লোক। সোমবাৰৰ দিনটোত যোৰাহাটত দুই শতাধিকতকৈও অধিক লোকৰ শৰীৰত ধৰা পৰে ক’ভিডৰ অৱস্থিতি। জিলাখনত গড়ে তিনিজনকৈ ক’ভিড ৰোগী মৃত্যুৰ মুখত পৰিছে।

যোৰহাটত ক’ভিড পৰিস্থিতিৰ ভয়াবহ অৱনতি ঘটিছে যদিও একাংশ লোকে চৰকাৰৰ ক’ভিড নীতি-নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই নিতৌ যোৰহাটৰ নিউভিল ৰোডত ১১ বজালৈ খোলা থকা বজাৰখনত উৰুকাৰ বজাৰৰ দৰে ভিৰ কৰা দেখিবলৈ পোৱা যায়। যোৰহাটৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক অংকুৰ জৈন আৰু জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে মঙলাবাৰে যোৰহাটৰ নিউভিল ৰোডৰ পাচলি বজাৰ পৰিদৰ্শন কৰে।

পাচলি বজাৰখন পৰিদৰ্শন কৰি যোৰহাটৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক অংকুৰ জৈন আৰু জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে ৰাইজে যাতে ক’ভিড প্ৰ’টকল ভংগ নকৰে ইয়াৰ প্ৰতি লক্ষ্য ৰাখিবলৈ ৰাইজক আহ্বান জনায়। যিহেতু গাঁৱৰ কৃষক সকলৰ উৎপাদিত সামগ্ৰী সমূহ এইখন বজাৰত বিক্ৰীৰ বাবে আনে সেইহে জিলা প্ৰশাসনে কৃষক সকলৰ সুবিধাৰ বাবে এক সুকীয়া আৰু সুবিধাজনক ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও জানিবলৈ দিয়ে উপায়ুক্ত গৰাকীয়ে।