জোনমণি বেগম

বিশ্বনাথ

৫ ফেব্ৰুৱাৰী

বিশ্বনাথত বন বিভাগৰ বৃহৎ সাফল্য। অৰুণাচল প্ৰদেশৰ পৰা আটক গঁড়ৰ খৰ্গ সৰবৰাহৰ লগত জড়িত এজন লোকক। অৰুণাচল প্ৰদেশ আৰক্ষীৰ আৰু বিশ্বনাথৰ বন বিভাগৰ যুটীয়া অভিযানত নাহৰলগুনৰ পৰা জবি গাদি নামৰ গঁড়ৰ খৰ্গ সৰবৰাহকাৰী জনক আটক কৰা হৈছে।

এক গোপন খবৰৰ ভিত্তিত বিশ্বনাথ জিলা বন বিভাগে অৰুণাচল প্ৰদেশ আৰক্ষীৰ সহযোগত অভিযান চলাই বৃহস্পতিবাৰে নাহৰলগুণৰ পৰা গঁড়ৰ খৰ্গ সৰবৰাহকাৰী জবি গাদিক আটক কৰিবলৈ সক্ষম হয়। জবি গাদি কেইবাটাও গঁড়ৰ খৰ্গৰ সৰবৰাহৰ সৈতে জড়িত আছিল বুলি জানিবলৈ দিয়ে বন বিভাগে। উল্লেখ্য যে ২০১৯ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলিত চোৰাং চিকাৰীয়ে নিধন কৰা গঁড়ৰ খৰ্গ জবি গাদি নামৰ সৰবৰাহকাৰীজনে মণিপুৰত বিক্ৰি কৰছিল। আটকাধীন গঁড়ৰ খৰ্গ সৰবৰাহকাৰীজনে বৰ্তমানলৈকে ছয়টাকৈ গঁড়ৰ খৰ্গ সৰবৰাহৰ লগত জড়িত আছিল বুলি স্বীকাৰ কৰিছে। গঁড়ৰ খৰ্গৰ অবৈধ বেহাৰ লগত কেইবাজনো লোক জড়িত থকাৰ কথাও বন বিভাগৰ আগত জবি গাদিয়ে স্বীকাৰ কৰা বুলিও জানিব পৰা গৈছে। জবি গাদিয়ে উল্লেখ কৰা গঁড়ৰ চোৰাং বেহাৰ লগত জড়িত লোক সকলক তদন্তৰ আওতালৈ আনি এই লোক সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি বন বিভাগে জানিবলৈ দিয়ে।

জবি গাদি ২০১১ চনৰ পৰাই গঁড়ৰ খৰ্গৰ সৰবৰাহৰ লগত জড়িত থকাৰ কথাও পোহৰলৈ আহিছে। বন বিভাগে আশা প্ৰকাশ কৰিছে যে ২০১১ চনৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ লগত জড়িত লোক সকলক জবি গাদিৰ সহায়ত আটক কৰিব পৰা যাব। বৰ্তমান বন বিভাগে অধিক তথ্যৰ বাবে জবি গাদিক জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।