কুন্দন ভৰালী
নগাঁও
৪ ফেব্ৰুৱাৰী

২০১৮ চনৰ ২৩ মাৰ্চ তাৰিখে বটদ্ৰৱাৰ লালুং গাঁৱত সংঘটিত হৈছিল গাৰ নোম শিয়ৰি উঠা এক পৈশাচিক অমানৱীয় ঘটনা। এগৰাকী নাৱালিকা ছাত্ৰীক দলবদ্ধ ধৰ্ষন কৰি জ্বলাই দিয়া হৈছিল ২০১৮ চনৰ ২৩ মাৰ্চ তাৰিখে লালুং গাঁৱত। সেই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ পিছত পুনৰ বটদ্ৰৱাৰ লালুং গাঁৱত সংঘটিত হৈছে অন্য এক চাঞ্চল্যকৰ ঘটনা।

বটদ্ৰৱাৰ লালুং গাঁৱত এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীৰ লগত অৱৈধ সম্পৰ্কৰ অভিযোগ উত্থাপন হৈছে নিজা ভিনিহিয়েক বাহাৰুল ইছলামৰ। অবৈধ সম্পৰ্কৰ পৰিনতিত অন্তঃসত্বা হৈছিল নাৱালিকা গৰাকী। অন্তঃসত্বা নাৱালিকা গৰাকীক গৰ্ভপাত কৰাবলৈ অনা হৈছিল মৰিগাঁও জিলাৰ লাহৰিঘাটৰ এখন ফাৰ্মাচীত। ফাৰ্মাচীখনৰ মালিক তথা স্বয়ম্ভূ চিকিৎসক দিলজাৰ হুছেইন ওৰফে পাগলা ডাক্তৰে গৰ্ভপাত কৰাৰ নামত নাৱালিকা গৰাকীক হত্যা কৰে বুলি অভিযোগ উঠিছে। নাবালিকা গৰাকীৰ মৃতদেহ পৰিয়ালৰ লোকে লোকলজ্জাৰ ভয়ত লালুং গাঁৱৰ পৰিবৰ্তে জুৰীয়াৰ দগাঁও কৱৰস্থানত কৱৰস্থ কৰিছিল যোৱা ২৩ জানুৱাৰীত কিন্তু কৱৰস্থানত অচিনাক্ত লোকৰ কৱৰ দেখি অঞ্চলটোৰ লোকৰ মাজত কৌতুহলৰ সৃষ্টি হয়। ঘটনাৰ ন্যায় বিচাৰি বটদ্ৰৱা সংখ্যালঘূ গনতান্ত্ৰিক ছাত্ৰ ফেডাৰেচনে মৃত নাবালিকা গৰাকীৰ পিতৃ- মাতৃ, ভিনিহিয়েক আৰু স্বয়ম্ভূ চিকিৎসকৰ নামত হত্যাৰ অভিযোগ তুলি মৰিগাঁও জিলাৰ উপায়ুক্তৰ লগতে আৰক্ষী অধীক্ষক আৰু অসমৰ মুখ্যমন্ত্ৰীক লিখিত আৱেদন জনাইছিল।

ইয়াৰ পিছতেই বৃহস্পতিবাৰে দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে কৱৰ খান্দি নাবালিকা গৰাকীৰ মৃতদেহ উলিয়াই আনে। আৰক্ষীয়ে নাবালিকা গৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। সমগ্ৰ ঘটনা সন্দৰ্ভত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে বৃহত্তৰ অঞ্চলটোত।