কুন্দন ভৰালী
নগাঁও
৫ ফেব্ৰুৱাৰী

ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত নগাঁও আৰক্ষীৰ অভিযান। আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত পুনৰ জব্দ হৈছে বুজন পৰিমাণৰ নিচাজাতীয় ঔষধ। আৰক্ষীয়ে এজন লোকৰ ঘৰৰ পৰা জব্দ কৰিছে নিচাজাতীয় ঔষধখিনি।

নগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। নগাঁও আৰক্ষীয়ে অভিযান চলাই পুনৰ জব্দ কৰিবলৈ সক্ষম হৈছে বুজন পৰিমাণৰ নিচাজাতীয় ঔষধ। শুকুৰবাৰে নগাঁও আৰক্ষীৰ নগৰ শাখাৰ আৰক্ষীৰ এটা দলে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই নগাঁও চহৰৰ চকীটোপত। চকীটোপৰ দেৱ দেৱনাথ নামৰ এজন লোকৰ ঘৰত আৰক্ষীৰ দলে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই ৯ কাৰ্টুন নিচাজাতীয় ঔষধ জব্দ কৰিবলৈ সক্ষম হয়। চকীটোপৰ দেৱ দেৱনাথ নামৰ লোক লোকজনৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি ড্ৰাগছৰ বেহা চলাই থকাৰ অভিযোগ উথাপিত হৈ আছিল। আৰক্ষীয়ে অভিযানত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰে যদিও দেৱ দেৱনাথ পলাই যাবলৈ সক্ষম হয়। আৰক্ষীয়ে অভিযুক্ত দেৱ দেৱনাথৰ সন্ধানত অভিযান চলাই থকা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে বিগত কিছুসময় ধৰি নগাঁও জিলা ড্ৰাগছৰ ঘটিত পৰিণত হৈছে। নগাঁও চহৰৰ লগতে জিলাখনৰ ভিতৰুৱা অঞ্চল সমূহত ড্ৰাগছৰ প্ৰচলন ব্যাপক হাৰত বৃদ্ধি পাইছে। নগাঁও আৰক্ষীয়ে বিভিন্ন সময়ত ড্ৰাগছ বিৰোধী অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে ড্ৰাগছৰ অবৈধ বেহাৰ লগত জড়িত বহু লোকক আটক কৰিবলৈ সক্ষম হৈছে।