ছাহিদুল আলম

ডবকা

৭ নৱেম্বৰ

অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকাৰ পৰা বঞ্চিত হৈছে বিধৱা, বিশেষভাৱে সক্ষম লোক৷ আঁচনি ৰূপায়নত হোজাইত স্বজন-তোষনৰ অভিযোগ।আঁচনিত সংঘটিত অনিয়মৰ বিৰুদ্ধে হোজাইৰ মোৰাঝাৰত প্ৰতিবাদী কাৰ্যসূচী৷

অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকাত বিধৱা, বিশেষভাৱে সক্ষম লোকৰ নাম সন্নিবিষ্ট নোহোৱা। অৰুণোদয় আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত বিভিন্ন অনিয়ম সংঘটিত হোৱাৰ অভিযোগ সমগ্ৰ ৰাজ্যতে পৰিলক্ষিত হৈছে। আঁচনিখনৰ ৰূপায়ণৰ অনিয়ম বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰকৃত আৰু বঞ্চিত হিতাধিকাৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ মাজতে এইবাৰ হোজাই জিলাৰ মোৰাঝাৰ মণ্ডল কংগ্ৰেছ কমিটিয়ে অৰুণোদয় আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত সংঘটিত হোৱা অনিয়মৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘটেৰে মোৰাঝাৰ বজাৰত ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী৷ প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰ হায় হায়, অৰুণোদয় আঁচনিত স্বজন-তোষন নচলিব, অৰুণোদয় আঁচনিক বিজেপিকৰণ নচলিব, দূৰ্নীতি বন্ধ কৰক আদি ধ্বনিৰে মোৰাঝাৰত এক উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে।

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে মোৰাঝাৰ কংগ্ৰেছ কমিটিৰ সদস্যসকলৰ লগতে একাংশ বঞ্চিত হিতাধিকাৰী সকলে৷ প্ৰতিবাদস্থলীত ডবকা চক্ৰ বিষয়া টিংকুমনি বৰা উপস্থিত হৈ অৰুণোদয় আঁচনিত সংঘটিত অনিয়ম সন্দৰ্ভত তদন্তৰ আশ্বাস প্ৰদান কৰাত প্ৰতিবাদকাৰী সকলে ধৰ্মঘট কাৰ্যসূচী প্ৰত্যাহাৰ কৰে৷