মুস্তাক আহমেদ

জুৰীয়া

৭ নৱেম্বৰ

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰূপহীহাটৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি আছুৰ প্ৰতিবাদ। বিজেপি চৰকাৰকখনক তীব্ৰ সমালোচনা প্ৰতিবাদকাৰী আছু কৰ্মীৰ।

অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে খাদ্য সামগ্ৰীৰ অস্বাভাৱিক মুকয়বৰ সাধাৰণ জনতাক জুৰুলা কৰি থকাৰ মাজতে মূল্যবৃদ্ধিকলৈ ৰাজ্য চৰকাৰৰ একাংশ মন্ত্ৰী-বিধায়কৰ টুলুঙা মন্তব্যই ক্ষোভিত কৰি তুলিছে বিভিন্ন দল-সংগঠনৰ লগতে সাধাৰণ জনতাক। মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ চৰকাৰখনৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে শনিবাৰে সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে। অত্যাৱশ্যকীয় সামগ্ৰীৰ

খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰৰ যোগান মন্ত্রী ফণী ভূষণ চৌধুৰী সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগত নগাঁও জিলাৰ ৰূপহীহাটৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যসকলে চৰকাৰবিৰোধী শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী আছুৰ কৰ্মীয়ে যোগান মন্ত্ৰী ফণী ভূষণ চৌধুৰীৰ প্ৰতিমূৰ্তি দাহ কৰি চৰকাৰে অতি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ নকৰিলে অনাগত দিনত প্ৰবল প্ৰতিবাদৰ সন্মুখীন হ’ব লাগিব বুলি সকীয়ানি প্ৰদান কৰে।

প্ৰতিবাদকাৰী সকলে ৰাজ্যৰ বিজেপি চৰকাৰখনৰ মন্ত্ৰী-বিধায়ক সকলে মূল্যবৃদ্ধি সন্দৰ্ভত বিগত কিছুদিন ধৰি প্ৰদনা কৰি অহা টুলুঙা মন্তব্যক তীব্ৰ সমালোচনা কৰে। বিশেষকৈ যোগান মন্ত্ৰী ফণী ভূষণ চৌধুৰীয়ে ফুটপাথৰ দোকানীৰ বাবে আলু, পিয়াঁজন মূল্যবৃদ্ধি পোৱা আৰু বিধায়ক প্ৰশান্ত ফুকনে বিনামূলীয়া চৰকাৰী চাউলৰ বিনিময়ত দোকানৰ পৰা পিয়াঁজ আনিবলৈ দিয়া মন্তব্যক তীব্ৰ সমালোচনা কৰে ৰূপহীহাটৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কর্মীয়ে।